Rupaliparda.com

নৱাজুদ্দিনৰ পূৰ্বে “গণেশ” ৰ বাবে আহিছিল পংকজ ত্ৰিপাঠীঃ

নেটফ্লিক্সত প্ৰচাৰিত “সেক্ৰেড গেমছ” হৈছে এনে এখন ৱেব চিৰিজ যিখন চাবলৈ দৰ্শকে অধীৰ অপেক্ষাৰে বাট চাই ৰৈছিল। কিন্তু, আপোনালোকে জানেনে? ৱেব চিৰিজ খনৰ “গণেশ গায়তোণ্ডে” নামৰ মূখ্য চৰিত্ৰটোৰ বাবে প্ৰথম অডিশ্বনৰ বাবে কোন আহিছিল?? নৱাজুদ্দিন চিড্ডিকীৰ পূৰ্বে চৰিত্ৰটোৰ বাবে অডিশ্বন দিবলৈ আহিছিল বলীউডৰে এগৰাকী জনপ্ৰিয় অভিনেতা। ধৰিব পৰা নাই নিশ্চয়??

নৱাজুদ্দিনৰ পূৰ্বে "গণেশ" ৰ বাবে আহিছিল পংকজ ত্ৰিপাঠীঃ 1


আচ্ছা, আমিয়ে আপোনালোকক জনাম। “গণেশ গায়তোণ্ডে” ৰ বাবে প্ৰথমে আহিছিল পংকজ ত্ৰিপাঠী। অলপতে, নেটফ্লিক্সৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে এটি ভিডিঅ’; য’ত পংকজ ত্ৰিপাঠীয়ে “গণেশ” ৰ সংলাপ সমূহ ক’বলৈ চেষ্টা কৰি আছে।

নৱাজুদ্দিনৰ পূৰ্বে "গণেশ" ৰ বাবে আহিছিল পংকজ ত্ৰিপাঠীঃ 2


“গণেশ” চৰিত্ৰটো তেওঁ কৰিব নোৱাৰাত তেওঁক চিৰিজ খনৰে আন এটি চৰিত্ৰ “বন্তি” ৰ সংলাপ দিয়া হৈছিল কিন্তু তেওঁ তাকো নাকচ কৰি পেলাইছিল। অৱশেষত তেওঁক “পণ্ডিত” ৰ চৰিত্ৰটো দিয়া হয়; য’ত তেওঁ নিজৰ দমদাৰ শ্বট দি তাত উপস্থিত সকলোকে আকৰ্ষিত কৰি পেলায়।

নৱাজুদ্দিনৰ পূৰ্বে "গণেশ" ৰ বাবে আহিছিল পংকজ ত্ৰিপাঠীঃ 3
নৱাজুদ্দিনৰ পূৰ্বে "গণেশ" ৰ বাবে আহিছিল পংকজ ত্ৰিপাঠীঃ 4


উল্লেখ্য যে, “সেক্ৰেড গেমছ” ৰ ছিৰিজ খনত পংকজ ত্ৰিপাঠীৰ কেইবাটাও এনে দৃশ্য আছে যাক দৰ্শকে বাৰে বাৰে চাবলৈ বিচাৰিব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.