Rupaliparda.com

ধৰ্মেন্দ্ৰৰ আইকনিক গীতক লৈ আহিব তেওঁৰেই নাতি কৰণেঃ

৭০ দশকৰ এটি ৰোমাণ্টিক গীত। আৰু, গীতটিৰ আধাৰতেই একে নামৰ এখন ছবি নিৰ্মাণ কৰা হৈছে বলীউডত। গীতটি হৈছে সেই দশকত ধৰ্মেন্দ্ৰ অভিনীত ছবি “ব্লেকমেইল” ত অন্তভূৰ্ক্ত “পল পল দিল কে পাছ” শীৰ্ষক সংগীতটি আৰু ইয়াকে লৈ ছবি প্ৰস্তুত কৰিছে ছানী দেউলে।


নিজ পুত্ৰৰ ডেবিউৰ বাবে উক্ত গীতটিৰ নাম আৰু জছবিন্দৰ সিং বাথ তথা ৰবি শংকৰৰ ৰোমণ্টিক কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন। ছানী দেউলৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব তেওঁৰেই পুত্ৰ কৰণে। ইতিমধ্যে ছবিখনৰ টিজাৰ মুক্তি পাইছে।

ধৰ্মেন্দ্ৰৰ আইকনিক গীতক লৈ আহিব তেওঁৰেই নাতি কৰণেঃ 1


ছবিখনত কৰণৰ সৈতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে চেহেৰ বাম্বাই। অহা ২০ চেপ্তেন্বৰ তাৰিখে মুক্তি পাব “পল পল দিল কে পাছ”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.