বিকি কৌশল আৰু নৰা ফাতেহী অভিনীত মিউজিক ভিডিঅ’ “পছতাওগে” ৰ যেতিয়াৰ পৰা উল্লেখ কৰা হৈছে তেতিয়াৰ পৰাই দৰ্শকে অপেক্ষা কৰিছে গীতটি মুক্তিপোৱা সময়ছোৱালৈ। গতিকে অনুৰাগী সকলৰ অপেক্ষাৰ অন্ত পেলাই মুক্তি দিয়া হ’ল অৰিজিৎ সিং ৰ কন্ঠত উক্ত গীতটি।


ফাৰ্ষ্ট লুক পষ্টাৰ তথা টিজাৰ মুক্তিৰ দিনাখনৰ পৰাই চৰ্চা লাভ কৰা গীতটিয়ে মুক্তিৰ পিছতো দৰ্শকৰ মন টানিবলৈ সক্ষম হৈ পৰিছে। বিকি কৌশলৰ অভিনয়ৰ মানদণ্ড ও নৰা ফাতেহীৰ ডেন্স লেখত ল’বলগীয়া। প্ৰেমত প্ৰতাৰণা কৰা প্ৰেয়সী এগৰাকীৰ ওপৰত কেন্দ্ৰ কৰি উক্ত গীতটি উপস্থাপন কৰা হৈছে।
Add comment