Rupaliparda.com

গুলশন কুমাৰৰ জীয়ৰীয়ে লৈ আনিব “দাহী-চিনী”-

জনপ্ৰিয় কন্ঠশিল্পী গুলশন কুমাৰৰ জীয়ৰী খুশালী কুমাৰে ভৰি দিব বলীউড ক্ষেত্ৰত। নিজৰ ডেবিউ ছবিখনৰ বাবে যো-জা কৰাত ব্যস্ত হৈ পৰিছে খুশালী। অভিনেতা আৰ.মাধৱানৰ সৈতে দেখিবলৈ পোৱা যাব গুলশন কুমাৰৰ জীয়ৰীক।

গুলশন কুমাৰৰ জীয়ৰীয়ে লৈ আনিব "দাহী-চিনী"- 1


“দাহী-চিনী” শীৰ্ষক ছবিখনত এগৰাকী উকীলৰ চৰিত্ৰত অভিনয় কৰিব খুশালীয়ে। ছবিখনৰ বাবে কৰা প্ৰস্তুতিক উদ্দেশ্যি তেওঁ কয় যে, “এগৰাকী উকীলৰ নিজ কৰ্মৰ প্ৰতি থকা নৈতিকতা, কৰ্মস্পৰ্দ্ধা আৰু লগতে আইনৰ কাৰ্যবাহী বোৰ বুজিবলৈ মই কেইগৰাকীমান প্ৰসিদ্ধ উকীলৰ সৈতে কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিছো।” লগতে, এগৰাকী মহিলা উকীলে কৰ্টত কেনেধৰণৰে উঠা-বহা কৰে; কেনেধৰণৰে কথা কয় এই সকলোবোৰ বুজিবলৈ চেষ্টা কৰিছে বুলিও খুশালীয়ে মন্তব্য কৰে।

গুলশন কুমাৰৰ জীয়ৰীয়ে লৈ আনিব "দাহী-চিনী"- 2


অশ্বিন নীলে মণিয়ে এই “দহী-চিনী” ছবিখন পৰিচালনা কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.