বলীউডত এনে বহু প্ৰেমিকদ্বয় আছে যাৰ প্ৰেমক বয়স, ভাল-বেয়া তথা সমাজৰ ৰীতি-নীতিয়ে হাৰ মনাব পৰা নাই। তেনে এক প্ৰেমিক পক্ষী হৈছে বি-টাউনৰ মোহময়ী অভিনেত্ৰী মালাইকা আৰোৰা আৰু অভিনেতা অৰ্জুন কাপুৰ। তেওঁলোকৰ প্ৰেমৰ চৰ্চা প্ৰায় সকলোৰে মুখে মুখেই শুনিবলৈ পোৱা যায়। চচিয়েল মিডিয়াত তেওঁলোকৰ সম্পৰ্কটোক লৈ প্ৰশ্ন উঠাই বিভিন্নজনে ট্ৰ’লো কৰে।

এই ট্ৰ’লবোৰক উদ্দেশ্যি অভিনেত্ৰী মালাইকাই অৱশেষত মুখ খুলিলে। এখন বাতৰি কাকতৰ সাক্ষাৎকাৰত তেওঁৰ সম্পৰ্কটোক লৈ প্ৰশ্ন কৰাত তেওঁ কয়, “আমাৰ সম্পৰ্কটো কোনো ধৰণৰ ঋণাত্মক ভাৱৰ দ্বাৰা কোনোদিন প্ৰভাৱিত নহয়। মানুহক আপুনি ৰখাব নোৱাৰে। তেওঁলোকৰ নিজ বিবেচনাৰে কথা ক’ব; মোৰ অনু্ভৱ হয় যে, প্ৰত্যেকটো বস্তুৰেই পৰীক্ষা লোৱা হয় আৰু এইটো আপোনাৰ অভ্যাস কৰি ল’ব লাগে।”


নিজৰ সম্পৰ্কটোক লৈ ধনাত্মক ভাৱে আগবঢ়া অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত অৰ্জুনৰ লগত প্ৰায় ফটো আপলোড কৰা দেখিবলৈ পোৱা যায়। কিছুসময়ৰ বাবে যদি আমি ট্ৰ’ল সমূহক বাদ দিওঁ তেতিয়াহ’লে এই প্ৰেমিকদ্বয়ৰ অনুৰাগীও কিন্তু যথেষ্ট।
Add comment