Rupaliparda.com

“ড্ৰীম-গাৰ্ল” আহিব ১৩ দিনৰ পিছতঃ

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত আয়ূসমান খুৰানাই নিজৰ চচিয়েল মিডিয়াত প্ৰায়ে এনেকুৱা কিবা পোষ্ট কৰে; যাক চাই দৰ্শকে কেতিয়াবা হাঁহে আৰু কেতিয়াবা তেওঁলোকৰ মাজত উৎস্যুকতাৰ সৃষ্টি হয়। পত্নী তাহিৰাৰ সৈতে ফুৰিব গ’লেও আয়ূসমানে দৰ্শকক নিজৰ আহিবলগীয়া ছবিৰ খবৰ দিয়াত কিন্তু কোনোধৰণৰ ক্ৰুটি কৰা নাই।

"ড্ৰীম-গাৰ্ল" আহিব ১৩ দিনৰ পিছতঃ 1


তেওঁ নিজ ইনষ্টাগ্ৰাম পেজত এটা পোষ্ট আপলোড কৰে য’ত তেওঁক আহিবলগীয়া ছবি “ড্ৰীম গাৰ্ল” ৰ চৰিত্ৰত দেখিবলৈ পোৱা যায়। ভিডিঅ’টোত তেওঁ জনপ্ৰিয় “এক ড’ টিন” গীতটি ছোৱালী মাতত গুনগুনাইছে। লগতে, ভিডিঅ’টোৰ জৰিয়তে তেওঁ দৰ্শকক জনাইছেও যে উক্ত ছবিখনলৈ মাজত মাত্ৰ ১৩ টা দিন বাকী।

Add comment

Leave a Reply

Most popular