Rupaliparda.com
"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 1

“নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী”- লতা মংগেশকাৰ

ৰাণু মণ্ডলৰ টেলেন্টেক নকল আখ্যা লতা মংগেশকাৰৰ। লতা মংগেশকাৰ হৈছে এনে এজনী গায়িকা; যাৰ অনুৰাগী নোহোৱাকৈ কোনো দৰ্শক নাই। চুকে-কোণে সকলোতে এই মহান গায়িকা গৰাকীৰ গীত গোৱা অথবা শুনা হয়। ঠিক তেনেদৰে, লতা মংগেশকাৰৰে এটা গীত “এক প্যাৰ কা নগমা হে” গাই জনপ্ৰিয় হৈ পৰিছিল ৰাণু মণ্ডল।

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 2


প্ৰত্যেকজন ব্যক্তিয়ে ৰাণুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল আৰু বৰ্তমান তেওঁক বলীউডৰ চিলেব্ৰেটী ৰূপতো বিবেচনা কৰা হৈছে। কিন্তু এনেক্ষেত্ৰত এতিয়া মুখ খুলিছে লতা মংগেশকাৰে।

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 3
"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 4


শিল্পী গৰাকীৰ মতে, তেওঁৰ গানেৰে যদি কাৰোবাৰ কেতিয়াবা ভাল হয় তেতিয়া তেওঁ নিজকে সোভাগ্যৱান বুলি ভাৱে। লগতে তেওঁ কয় যে, “মোৰ, কিশোৰ দা, ৰফী চাহেব, মুকেশ ভাই আদিৰ গান গাই কেইটামান দিনৰ বাবেহে এজন শিল্পীয়ে নিজৰ পিনে দৰ্শকক আকৃষ্ট কৰিব পাৰে কিন্তু এই সফলতা দীৰ্ঘগামী নহয়।”

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 5


লতা মংগেশকাৰে আকৌ কয় যে,বহুত ল’ৰা-ছোৱালীয়ে তেওঁৰ গীত গাই প্ৰথমে জনপ্ৰিয়তা লাভ কৰে যদিও পিছলৈ তেওঁক সকলোৱে পাহৰি যায়। তেওঁৰ গান গোৱা গায়িকাৰ ভিতৰত কেৱল মাত্ৰ সুনীধি চৌহান আৰু শ্ৰেয়া ঘোষালক চিনি পাওঁ বুলি মত ব্যক্ত কৰে শিল্পী গৰাকীয়ে।

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 6


শেষত লতা মংগেশকাৰে উঠি অহা সকলক সদায় নতুন হ’বলৈ পৰামৰ্শ দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.