Rupaliparda.com
ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ 1

ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ

ধৰ্মৰ দোঁহাই দি বলীউড জগতৰ পৰা ফালৰি কটা জাইৰা ৱসীমক একাংশ চলচিত্ৰ অনুৰাগীয়ে শুনালে কটু বাক্য। ১১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া “দা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনে টৰেন্টো ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলৰ বাবে মনোনীত হৈছিল। অহা ১৩ চেপ্তেম্বৰত কৰা হ’ব উক্ত ছবিখনৰ স্ক্ৰীণিং। গতিকে, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ফেষ্টিভেল খনলৈ গৈ থকা সময়ছোৱাতে আপলোড কৰে এখন ফটো; য’ত দেখা পোৱা যায় জাইৰাক।

ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ 2
ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ 3


আছলতে, নিজৰ ধৰ্মৰ বাবে অভিনয় নকৰো বুলি সিদ্ধান্ত লোৱা কথাটোৱে দুখ দিছিল জাইৰাৰ অনুৰাগীক। বহুতে তেওঁক ঘূৰি আহিবলৈও মেছেজ দিছিল চচিয়েল মিডিয়াত। কিন্তু, তেওঁ নিজৰ সিদ্ধান্ততে অটল আছিল ফলত অনুৰাগী সকলে প্ৰিয়ংকাৰ সৈতে তেওঁক দেখি ক্ৰোধিত হৈ পৰে আৰু ফটোখনক উদ্দেশ্যি কমেন্টত জাইৰাক শুনায় কটু বাক্য।

Add comment

Leave a Reply