Rupaliparda.com
বৰ্ণালীৰ "সাজনা"- 1

বৰ্ণালীৰ “সাজনা”-

অসমীয়াকে ধৰি কেইবাটাও ভিন্ন ভাষা ক্ৰমে কাৰ্বি, বড়ো, মিছিং, নেপালী, তিৱা, দেউৰী, অৰুণাছলী, নাগামিজ, বেংগলীত কন্ঠদান কৰা বৰ্ণালী কলিতা অসমৰ জনসাধাৰণৰ বাবেই হৈছে এক স্বাভিমান। বৰ্ণালী বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁৰ আহিবলগীয়া হিন্দী গীত “সাজনা” ক লৈ।

বৰ্ণালীৰ "সাজনা"- 2


ৰূপালী পৰ্দাৰ ফালৰ পৰা গায়িকা গৰাকীৰ সৈতে হোৱা কথাত তেওঁ জনাইছিল যে, “সাজনা মোৰ বাবে কেৱল মাত্ৰ এটা সংগীত নহয়; গীতটো হৈছে যোৱা ২ বছৰৰ পৰা মোৰ সৈতে জড়িত হৈ থকা আৱেগ।”

https://www.instagram.com/p/B2RE7LWlopl/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B1l4wf5l9gq/?utm_source=ig_web_copy_link


চলিত মাহৰ চেপ্তেম্বৰৰ ১৭ তাৰিখে মুক্তি পাবলগীয়া এই গীতটো বৰ্ণালী কলিতাৰ ব্যক্তিগত ইউটিউব চেনেলত আপলোড কৰা হ’ব। উক্ত গীতটো পৰিচালনা আৰু সৃষ্টিৰ আঁৰত আছে সাকেট সিং লগতে গীতটিৰ লিখক হৈছে শীতল সিং। “সাজনা” ত সুৰ দিছে নিৰঞ্জন আৰু পৰাণ বৰকটকীয়ে।গীতটিৰ ভিডিঅ’ পৰিচালনা অভিষেক অংকুৰৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.