ইখনৰ পিছত সিখন ধাৰাবাহিকত কৰা অভিনয় যোগে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে কৰৱী শৰ্মা। কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে অভিনয় জগতত নামি পৰিছিল তেওঁ।

হায়াৰ চেকেণ্ডাৰীৰ শেষৰটো পৰীক্ষা পিছতেই একেলেথাৰিয়ে তিনিটা গানত অভিনয় কৰিছিল কৰৱীয়ে। আজি ৰূপালী পৰ্দাৰ সাক্ষাৎকাৰ বিশেষত আমি কথা পাতিছিলো এই গৰাকী অভিনেত্ৰী কৰৱী শৰ্মাৰ সৈতে। আহকচোন চাওঁ-
প্ৰশ্নঃ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে যেতিয়া অভিনয়ৰ লগত জড়িত হৈ পৰিছিল; এই ক্ষেত্ৰখনত খোজ দি কেনেকুবা লাগিছিল?

কৰৱীঃ হয়,মই কোনো ধৰণৰ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। ২০১১ চনত হায়াৰ চেকেণ্ডাৰী পৰীক্ষা শেষ হোৱা পিছতেই মোক উদয় শংকৰ দাদাই মিউজিক ভিডিঅ’ ত লৈছিলে আৰু ইয়াৰ পিছতেই মই একেলগে তিনিটা মিউজিক ভিডিঅ’ ত কাম কৰিছো।
ডেন্স কৰা অথবা লিপচিং কৰা নাইবা কেমেৰাৰ আগত এক্সপ্ৰেচন দিয়া; এইবোৰ মোৰ বাবে কঠিন নাছিল যিহেতু মই আগৰ পৰাই নৃত্যৰ লগত জড়িত। কিন্তু, মই যেতিয়া প্ৰথম সৰু চাপৰ্টিং চৰিত্ৰ (যদিও মোৰ বাবে গুৰুত্বপূৰ্ণ) এটাত অভিনয় কৰাৰ সুবিধা পাইছিলো তেতিয়াটো মই একোৱে নাজানিছিলো। আছলতে, অভিনয়ৰ বাবে মই কোনোদিন অডিশ্বন দিয়া নাছিলো বা অভিনয়ৰ কৰ্মশালা কৰা নাছিলো কিন্তু যেতিয়া এই অভিনয় ক্ষেত্ৰখনত নামিলো তেতিয়া মোৰ প্ৰত্যেকজন কো-আৰ্টিষ্টে মোক যথেষ্ট শিকাই দিছিল; বুজাইছিল আৰু তেনেকৈয়ে মই শিকি শিকি আজি এইখিনি পালোহি। মোক প্ৰথম কাষ্ট কৰা পৰিচালক গৰাকী আছিল ধীৰাজ দাস আৰু তেওঁক মই সদায় ধন্যবাদ দিওঁ।
প্ৰশ্নঃ স্কুল বা কলেজত জোকোৱা নাম কিবা আছিল নে??

কৰৱীঃ জোকোৱা নামটো বৰ বিশেষ নাই অ’ তেনেকুৱা। কিন্তু, আপোন লগৰ খিনিয়ে মোক “কৰৱী” নামাতি “কৰ” বুলি মাতে। আৰু, যেতিয়া মই দিছপুৰ কলেজত বি.কম কৰি আছিলো তেতিয়া মই এখন চিনেমা কৰিছিলো “ছাঁয়া” বুলি; গতিকে তেতিয়াৰ পৰাই কলেজৰ প্ৰফেচাৰ খিনিয়ে মোক “ছাঁয়া আহিছে, ছাঁয়া আহিছে” বুলি কৈছিল।
পৰিয়ালৰ সম্পৰ্কীয়া খিনিয়ে মোক “হিৰোইন” বুলি কয় আৰু! হা হা হা… “হিৰোইন আহিছে” বুলি কৈ থাকে।
প্ৰশ্নঃ যদি কেতিয়াবা বলীউডত অভিনয় কৰাৰ সুবিধা পায়; তেনেহ’লে কোনজন অভিনেতাৰ লগত অভিনয় কৰাৰ ইচ্ছা??

কৰৱীঃ উমম! যদি কেতিয়াবা “বলীউড” ত কাম কৰাৰ সুবিধা পাওঁ তেনেহ’লে মই সুশান্ত সিং ৰাজপুতৰ সৈতে কাম কৰিবলৈ বিচাৰিম। তেওঁৰ অভিনয় বিৰাট ভাল লাগে মোৰ। তেওঁৰ অভিনয় বুলিয়ে নহয় তেওঁৰ কথাবোৰ, তেওঁ পাৰ্ছনেলিটী, তেওঁৰ অভিনয়ৰ এক্সপ্ৰেচনবোৰ; এই আটাইবোৰেই মোৰ ভাল লাগে। আনকি, তেওঁক মই ফ’লও কৰো। গতিকে এজন হ’ল সুশান্ত।
আনজন হৈছে ছাহিদ কাপুৰ। তেওঁৰ অভিনয়ো বিৰাট সুন্দৰ; তেওঁৰ পাৰ্ছনেলিটিও মোৰ ভাল লাগে। গতিকে, এই দুজনৰ লগত অভিনয় কৰিব মোৰ মন আছে।
প্ৰশ্নঃ পাৰ্ছত এনে কি তিনিটা বস্তু থাকে; যি তিনিটা অবিহনে বাহিৰলৈ ওলাই নাযায়?

কৰৱীঃ পাৰ্ছত প্ৰথমতে টকা; সেইটোতো লাগিবই। তাৰ পিছত কাৰ্ড; টকা হাতত নহ’লেও আজি-কালিৰ ডিজিটেল ইণ্ডিয়াত কাৰ্ডে যথেষ্ট সহায় কৰে। তৃতীয়টো হ’ল, মোৰ দেউতাৰ ফটোখন; দেউতাৰ ফটোখন সদায় মোৰ পাৰ্ছত থাকে। গতিকে, এই তিনিটা বস্তু লৈয়ে মই বাহিৰলৈ ওলাও।
প্ৰশ্নঃ এতিয়া আপুনি “তোমাৰ মৰমে মোক” ধাৰাবাহিকৰ সৈতে ব্যস্ত হৈ আছে। আৰু, কিবা নতুন প্ৰজেক্ট আছেনে?

কৰৱীঃ হয়, মই বৰ্তমান ৰং চেনেলত প্ৰচাৰ হ’বলগীয়া “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনৰ লগতেই জড়িত হৈ আছো। সাংঘাতিক ব্যস্ত হৈ আছো আছলতে এইকেইদিন আমি সকলোৱে, মেগা চিৰিয়েল এখন চলি থাকিলে অইন একো ভাবিব নোৱাৰোয়ে। গতিকে, বৰ্তমান চিৰিয়েল খনৰ লগতেই সম্পূৰ্ণকৈ জড়িত হৈ আছো।
…… ধন্যবাদ বা। আপোনাৰ এই ব্যস্ত সময়ৰ পৰা আমাক অকনমান সময় উলিয়াই দিয়াৰ বাবে। আপোনাৰ আহিবলগীয়া ধাৰাবাহিকখনৰ লগতে আহিবলগীয়া সকলোবোৰ প্ৰজেক্টেই যাতে দৰ্শকৰ সঁহাৰি লাভ কৰে। শুভকামনা আপোনালৈ…
কৰৱীঃ ধন্যবাদ।
Add comment