Rupaliparda.com
মিলিন্দক পত্নীয়ে কৰে "পাপাজী" সম্বোধনঃ 1

মিলিন্দক পত্নীয়ে কৰে “পাপাজী” সম্বোধনঃ

অভিনেতা ও মডেল মিলিন্দ সুমনৰ বিবাহে সমগ্ৰ দেশতে লাভ কৰিছিল চৰ্চা। ৫৩ বছৰীয়া মিলিন্দে ২৮ বছৰীয়া এগৰাকী যুৱতীক বিয়া কৰোৱাক লৈ বহু দৰ্শকৰ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল। এটা বিজ্ঞাপনত দুয়োগৰাকী স্বামী-স্ত্ৰীক একেলগে দেখিবলৈ পোৱা গৈছিল; য’ত বহু দৰ্শকে কমেন্ট কৰিছিল। তাৰ ভিতৰত এজনড় দৰ্শকে অংকিতাই মিলিন্দক “পাপাজী” মাতিব লাগে বুলিও কমেন্ট প্ৰদান কৰে।

মিলিন্দক পত্নীয়ে কৰে "পাপাজী" সম্বোধনঃ 2


উক্ত কমেন্টটোক উদ্দেশ্যি মিলিন্দে এটা সাক্ষাৎকাৰ যোগে কয় যে, “হয়, মোৰ পত্নীয়ে মাজে মাজে মোক “পাপা” বুলি মাতে।” তেওঁৰ এনে মন্তব্যত হাঁহি পেলাই পত্নী অংকিতাই দৰ্শকৰ উপলুঙাসূচক মন্তব্যক উদ্দশ্যি কয় যে “আপুনি যদি এনে এগৰাকী ব্যক্তি যাক সমাজৰ সকলোৱে ভাল পায়; কিন্তু আপুনি নিজে নিজক ভাল নাপায়! তেনে লাভ ক’ত??”

মিলিন্দক পত্নীয়ে কৰে "পাপাজী" সম্বোধনঃ 3


স্বামী-স্ত্ৰীৰ এই সম্পৰ্কটোক লৈ মিলিন্দে কয় যে, “অংকিতা আৰু মোৰ বয়সৰ ব্যৱধানটো হৈছে মোৰ মা আৰু মোৰ বয়সৰ ব্যৱধানৰ নিচিনাই। এয়া কি নাজানো; কিন্তু মই তেওঁক ভাল পাওঁ।”

Add comment

Leave a Reply

Most popular