Rupaliparda.com
নৱ-প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে "মিষ্টাৰ এণ্ড মিছ কেনডিড ২০১৯"- 1

নৱ-প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে “মিষ্টাৰ এণ্ড মিছ কেনডিড ২০১৯”-

ফটো উঠিনো কোনে ভাল নাপায়? নিত্য-নতুন কিছু পজ দি ফটো উঠাটো এতিয়াৰ নতুন প্ৰজন্মৰ এক ফেশ্বন হৈ পৰিছে। ফটোজেনিক মুখ এখনৰ প্ৰাধান্যও হয়টো আপুনি নুবুজাকৈ নাই!


গতিকে, যদি আপুনি ফটোজেনিক অথবা আপুনিও যদি বিচাৰিছে অভিনেত্ৰী হোৱাৰ সুযোগ। তেন্তে আৰু পলম নকৰি আহক উদয় শংকৰ দ্বাৰা আয়োজিত “মিষ্টাৰ এণ্ড মিছ কেনডিড ২০১৯”। প্ৰথম দুটা সংস্কৰণৰ সফল সমাপ্তিৰ পিছত এইবাৰৰ তৃতীয়টো সংস্কৰণত ব্যস্ত হৈ পৰিছে এতিয়া উদয় শংকৰ।


ৰূপালী পৰ্দাৰ ফালৰ পৰা হোৱা চমু বাৰ্তালাপ যোগে কৰিঅ’গ্ৰাফাৰ ও অভিনেতা গৰাকীয়ে কয় যে-
“যোৱা ৮ আৰু ১৫ চেপ্তেম্বৰত অনুষ্ঠিত “মিষ্টাৰ এণ্ড মিছেছ কেনডিড ২০১৯” ৰ অ’ডিশ্বন যোগে বিচাৰি উলিওৱা হৈছে ১৯ গৰাকী ল’ৰা-ছোৱালী। চলিত মাহৰ ২২ আৰু ২৯ তাৰিখে আকৌ দুটা অ’ডিশ্বন অনুষ্ঠিত হ’ব। আমি অনলাইনো এটা অ’ডিশ্বনৰ পৰিকল্পনা কৰিছো; যিটো দুদিন মান পিছত দৰ্শকে জানিবলৈ পাব। আমি অক্টোবৰৰ প্ৰথমটো সপ্তাহত আকৌ এটা অ’ডিশ্বন অনুষ্ঠিত কৰিম ছাগে ধেমাজি অঞ্চলত; ইয়াৰ বিষয়েও কিছু দিন পিছত জনোৱা হ’ব।”

https://www.instagram.com/p/B2Hj7aMHgDZ/?utm_source=ig_web_copy_link


লগতে কৰিঅ’গ্ৰাফাৰ গৰাকীক সেই অনুষ্ঠানৰ পৰা নৱপ্ৰজন্মৰ হ’ব পৰা লাভৰ বিষয়ে যেতিয়া সোধা হৈছিল তেতিয়া তেওঁ জনাইছিল যে, “চাওঁক এতিয়া আমাৰ এই অনুষ্ঠানটোৰ তৃতীয়টো বৰ্ষ; প্ৰথম আৰু দ্বিতীয়টো বৰ্ষৰ যিখিনি বিজয়ী প্ৰাৰ্থী সেই ল’ৰা-ছোৱালীখিনিয়ে কাম কৰি থকাৰ উপৰিও “টপ ১০” প্ৰতিযোগীও বৰ্তমান কিছু ভাল কামত কৰ্মৰত।
লগতে আমাৰ বিচাৰক হিচাপে উপস্থিত থাকে ৰাজেশ দা (ৰাজেশ ভূঞা);গতিকে তেওঁলোকে প্ৰতিভাৱান ল’ৰা-ছোৱালী খিনিৰ লগত কাম কৰি যাব বিচাৰে। আৰু, আমাৰ যিখিনি অফিচিয়েল ডিজাইনাৰ আছে তথা আমাৰ যিখিনি স্পনছাৰ আছে; তেওঁলোকে বিভিন্ন ফটো-শ্বুট অথবা বিভিন্ন প্ৰডাক্টৰ বিজ্ঞাপনত এই ল’ৰা-ছোৱালী খিনিক সুবিধা দিয়ে। ইয়াৰ উপৰিও এইখিনি নৱ প্ৰজন্মৰ বাবে আমি “ঝংকাৰ” ত তিনিমহীয়া আৰু ২৮ দিনীয়া অভিনয় আৰু নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰো; যাতে তেওঁলোকে পিছলৈ অভিনয় তথা নৃত্য জগতত নিজৰ নাম উজ্বলাব পাৰে।”

View this post on Instagram

Mr&Miss Candid 2019 Join Candid & Feel Candid

A post shared by Uday Shankar (@uday.shankar45) on


“মিষ্টাৰ এণ্ড মিছেছ কেনডিড ২০১৯” ত মুনমী ফুকন, সঞ্জয় চৌধুৰী, ৰাজেশ ভূঞা, দীপাংকৰ কাশ্যপ, ৰাজেশ ভূঞা আৰু নিশিতা গোস্বামী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform