এটা সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ অন্তৰ্গত এজন যুৱকৰ “ৰেপাৰ” হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ কৰা সংগ্ৰাম সমূহক প্ৰদৰ্শিত কৰি নিৰ্মাণ কৰা হৈছিল “গলী বয়”। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা ছবিখনত অভিনীত ৰণৱীৰ সিং আৰু আলিয়া ভাটৰ অভিনয়েও দৰ্শকৰ পৰা লাভ কৰি আহিছে যথেষ্ট সঁহাৰি। ২০১৯ বৰ্ষৰ দৰ্শকৰ পচন্দৰ কেইখনমান ছবিৰ ভিতৰত অন্যতম ছবিখন হৈছে “গলী বয়”। সমগ্ৰ সহাঁৰি আৰু সফলতাৰ লগতে “গলী বয়” ছবিখনে পুনৰ চুমিছে এক আন্তঃৰাষ্ট্ৰীয় সফলতাক।

বেষ্ট ইন্টাৰনেশ্বনেল ফিল্ম কেটেগৰীত ৯২ সংখ্যক অকাডেমী এৱাৰ্ডছৰ বাবে ভাৰতৰ পৰা বৰ্তমান মনোনয়ন লাভ কৰিছে “গলী বয়”-এ। ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল বৰ্ণিল ফিল্ম ফেষ্টিভেলত লগতে মেলৱৰ্ণৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ছবিখনে লাভ কৰিছিল “বেষ্ট ফিল্ম” ৰ এৱাৰ্ড।


উল্লেখ্য যে, ফিল্ম ফেডাৰেছন অফ ইণ্ডিয়া চমুকৈ “এফ এফ আই” এ ঘোষণাটি কৰাৰ লগতে জনাই যে এইটো বৰ্ষত “গলী বয়” ৰ বাহিৰেও মুঠ ২৭ খন ছবিয়ে উক্ত এৱাৰ্ডটোৰ দৌৰ লগাইছিল যদিও “গলী বয়”-এ লাভ কৰিছে অাধিকাৰিক সন্মতি।
Add comment