Rupaliparda.com
ৰোমান্টিক নহয়; অইন থীমৰ সৈতে আহি আছে দীপলিনাঃ 1

ৰোমান্টিক নহয়; অইন থীমৰ সৈতে আহি আছে দীপলিনাঃ

দীপলিনাৰ কন্ঠ শুনিবলৈ অপেক্ষা কৰি ৰয় এচাম যুৱপ্ৰজন্ম। কন্ঠ শিল্পী গৰাকীয়ে নিজ চচিয়েল মিডিয়া আপলোড কৰা যিকোনো ফটো অথবা ভিডিঅ’ ক্ষন্তেকতে ভাইৰেল হৈ পৰে। এনেক্ষেত্ৰত, বুজিব পৰা যায় যে গায়িকা গৰাকীৰ অনুৰাগীৰ সংখ্যা কিমান! কেৱলমাত্ৰ গায়িকাৰ শাৰীতেই সীমাবদ্ধ কৰিব নোৱাৰি দীপলিনাক; তেওঁ অভিনয়ৰ দ্বাৰাও হৃদয় জিনিছে বহুতৰ।

ৰোমান্টিক নহয়; অইন থীমৰ সৈতে আহি আছে দীপলিনাঃ 2


গতিকে গায়িকা গৰাকীৰ কন্ঠ শুনিবলৈ ৰৈ থকা সকললৈ এক সুখবৰ। দীপলিনাৰ আহিবলগীয়া প্ৰজেক্টৰ বিষয়ে তেওঁ নিজেই ইনষ্টাগ্ৰামত এক পোষ্টৰ জৰিয়তে দৰ্শকক জনায়। “ৰং- বিৰং” শীৰ্ষক গীতটি লৈ আহি আছে দীপলিনা ডেকা। গীতটিত সুৰ দিছে প্ৰণয় দত্তই। লগতে, গীতটিৰ লিখক হৈছে ৰাজদীপ আৰু গীতটিৰ ভিডিঅ’ পৰিচালক হিচাপে আছে সুব্ৰত কাকতি। এইবাৰ ৰোমান্টিক নহয়; দীপলিনাই কন্ঠদান কৰিব অইন গীতৰ থীমতহে। গীতটিৰ শ্বুটিং চলিত মাহতেই আৰম্ভ হ’ব তথা গীতটিয়ে মুক্তি লাভ কৰিব দূৰ্গা পূজাৰ পূৰ্বেই।

Add comment

Leave a Reply