“দূৰণিৰ নিৰলা পঁজা”, “মাজ ৰাতিৰ কেতেকী”, “অথেলো”, “লোকেল কুম্ফু” তথা “মিছন ছাইনা” আদি কেইবাখনো গুৰুত্বপূৰ্ণ ছবিৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনা এগৰাকী অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা। চাকৰি এৰি অভিনেতা গৰাকীয়ে অভিনয়ৰ দিশে আগবাঢ়ি নিজক এক প্ৰতিষ্ঠিত স্থানত থিয় কৰাবলৈ সক্ষম হৈ পৰিছিল। বিভূতি ভূষণ হাজৰিকা; যাৰ স্পষ্ট কন্ঠই তেওঁক দিলে এক নতুন পৰিচয়। ৰূপালী পৰ্দাৰ সাক্ষাৎকাৰ বিশেষত আমি কথা পাতিছিলো এইগৰাকী অভিনেতাৰ সৈতে; চাওঁচোন আহক-
প্ৰশ্নঃ আপুনি আদিল হুছেইন লগতে জুবিন গাৰ্গৰ সৈতে দুখনকৈ গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰিছে। দুইখন ছবিৰেই যেতিয়া অফাৰ লাভ কৰিছিল; তেতিয়া আপোনাৰ কেনে লাগিছিল??
বিভূতি দাঃ আছলতে, সকলো ছবিৰ অফাৰ লাভ কৰিলেই মনটো খুব ভাল লাগে। যেতিয়া মোক ফোন কৰি কয় যে, ” চৰিত্ৰটোৰ বাবে আপোনাকেই ভাবিছো বুলি”; তেতিয়া মোৰ ভাল লাগে। এইখিনিতে মই ক’ব লাগিব যে মই বহুত ত্যাগ কৰি এইখিনি পাইছো। মই আগতে কৰ্পোৰেটৰ চাকৰি কৰিছিলো। যদিও তাত চিন্তা অলপ বেছি আছিল তথাপিও ভাল এটা দৰমহাৰে, ভাল লাইফ ষ্টাইল এটা জীয়াই আছিলো। কিন্তু, এইক্ষেত্ৰখনৰ আৰ্থিক দিশটোৰ কথা গম পাইও; ক্ষেত্ৰখনৰ প্ৰতি থকা মৰমৰ বাবে যেতিয়া ইয়ালৈ আহিছিলো তেতিয়া বিজ্ঞ জন তথা পৰিচালক সকলৰ পৰা ফোনটো আহিলে মই কৰা ত্যাগখিনি সাৰ্থক হোৱাৰ দৰেই লাগে মোৰ।
আৰু বেছি ভাল লাগিছিল যেতিয়া মোক সান্তনা বাইদেউয়ে “মাজ ৰাতিৰ কেতেকী” ছবিখনৰ বাবে ফোন কৰিছিল। আদিল দাৰ লগত কাম কৰিবলৈ পাই বিৰাট সুখী হৈছিলো আৰু কালক্ৰমত মই যিমান সময় ছবিখনত অভিনয় কৰিছিলো সেই গোটেই খিনি সময়ত মই অভিনয় কৰা চৰিত্ৰটো আদিল দাৰ ওচৰে পাজৰে থকা নিচিনাই হৈছিল; গতিকে এইখিনি মোৰ বাবে খুব ভাল লগা অভিজ্ঞতা।
আৰু, জুবিন এইপিনে মোৰ খুব ভাল বন্ধু। আছলতে, সি মোৰ অনুজ হয়; মোতকৈ কেইবছৰমান সৰু সি। গতিকে তাৰ মোৰ প্ৰতি ভাল ভাৱ আছে,
মইও তাৰ সদায় ভাল হোৱাটো বিচাৰো। এটা বাৰ্ষিকী অনুষ্ঠানত জুবিনে যেতিয়া মোক ক’লে যে “মই এখন ছবি কৰিম,এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আছে; তই কৰিব লাগিব”, সি মোক এনেকৈ এবাৰেই কৈছিল আৰু মইও তাক কৈছিলো যে “তই যিয়ে চিনেমা নকৰ’ কিয় মোক ক’বি! মোৰ যিমান খিনি কৰিবলগীয়া থাকে; মই কৰিম।” ৰ’বা… উক্ত অনুষ্ঠানটোতে এটা কি হাঁহি উঠা ঘটনা হ’ল জানা?? মোৰ মনিবেগটো হেৰাই থাকিল ক’ৰবাত আৰু জুবিন ইমানে সহজ-সৰল এজন শিল্পী ;তেওঁক সকলোৱে সন্মান জনায় আৰু জুবিনেই নিজেই মোৰ মনিবেগটো বিচাৰি প্ৰত্যেকখন চকী উঠাই উঠাই চাইছিল। জানানে?? হা হা হা…… এইবোৰ খুব ভাল লগা কথা।
প্ৰশ্নঃ আপোনাৰ আহিবলগীয়া ছবি “অস্তিত্ব” ক লৈ আপুনি কিমান আশাবাদী??
বিভূতি দাঃ “অস্তিত্ব” ৰ বিষয়ে যদি ক’ব লাগে তেন্তে একাষাৰে ক’ব পাৰি যে এইখন এখন সম্পূৰ্ণ অসমীয়াৰ ছবি। অসমীয়া ছবি এখন আহিলে আমি প্ৰায়ে কওঁ যে অসমীয়াৰ ছবি, ছবিগৃহলৈ আহিব লাগে, অমুক কৰিব লাগে-তমুক কৰিব লাগে। কিন্তু, যোৱা দুই-তিনি বছৰে চলিত অসমীয়াৰ ছবিকেইখনৰ ভিতৰত অন্যতম হৈছে “অস্তিত্ব”; য’ত ছবিখনৰ কাহিনীভাগে অসমীয়া এজনৰ বিষয়ে কৈছে। আজিৰ অসমীয়াই বহুত কথাত ভুগি আছে যেনে ধৰা, সত্য কিছুমান জানিও তেওঁ সমাজে কি ক’ব বা কি ভাবিব এইবোৰ ভাবি চুপ হৈ থকা আদি বিভিন্ন পৰিস্থিতিক সুন্দৰ ৰূপত প্ৰতিফলিত কৰা হৈছে ছবিখনত।
লগতে এজন অসমীয়াৰ ভিতৰৰ আৰ্তনাদ, ভিতৰৰ যিখিনি কোলাহল অথবা ভিতৰৰ যিখিনি তেওঁৰ নিজৰ মাজতেই হৈ থকা দ্বন্দ; সেইখিনিয়ে হৈছে “অস্তিত্ব”।
এজন পৰিচালক আৰু ছবি এখনৰ সৈতে জড়িত সকলো কলা-কুশলীয়ে নিজৰ ছবিখন অথবা নিজৰ প্ৰডাক্টটোক লৈ সদায় আশাবাদী হয় আৰু হোৱাটো আছলতে স্বাভাৱিক। গতিকে, তেনেক্ষেত্ৰত মইও “অস্তিত্ব” ক লৈ আশাবাদী। কিন্তু, এইখিনিতে মই এই সাক্ষাৎকাৰটোৰ যোগে দৰ্শক সকলক ক’ব খুজো যে আপোনালোক এবাৰ ছবিগৃহলৈ আহি “অস্তিত্ব” উপভোগ কৰক। আপোনাৰ মাজত উত্থাপিত যি প্ৰশ্ন আৰু আপোনাৰ মাজৰ কোলাহল খিনিক শিথিল কৰিবলৈ সুযোগ পাব লগতে আপুনিও যদি ক’ৰবাত কিবা ক’ম বুলি ভাবিও সাহস গোটাব পৰা নাই তেতিয়াহ’লে এই ছবিখনে নিশ্চয়কৈ আপোনাক সাহস প্ৰদান কৰিব।
প্ৰশ্নঃ “অস্তিত্ব” ছবিখনত এনে কি বিশেষত্ব আছে যিটোৱে দৰ্শকক আকৰ্ষিত কৰিব??
বিভূতি দাঃ দুই নম্বৰ প্ৰশ্নটোতেই আছলতে মই গোটেই খিনি কৈছোয়ে। তথাপিও “অস্তিত্ব” ই অসমীয়াক বুজাব প্ৰকৃততে “অসমীয়া” কি বস্তু। ইয়াৰ উপৰিও অসমকনো কি লাগে?? অসমীয়াই কি এনে কৰিব পাৰিব লাগে যাৰ দ্বাৰা তেওঁৰ ভৰিৰ তলৰ মাটি টুকুৰা অথবা উশাহ লৈ থকা আকাশখন যাতে কোনো কাঢ়িব নোৱাৰে; অসমীয়াৰ পৰা যাতে কোনোৱে অনা-অসমীয়া কৰিব নোৱাৰে বা কোনো যাতে আমাৰ অসমীয়া বস্তুক অপভ্ৰশ্ত কৰিব নোৱাৰে সেই সমগ্ৰ বস্তুসমূহ দেখুওৱা হ’ব এই ছবিখনত আৰু দৰ্শক সকলে সাহস গোটাব পাৰিব যে “মই এজন অসমীয়া আৰু মই এই কথাটোত থিয় হ’ব লাগে।”
প্ৰশ্নঃ অস্তিত্বত আপুনি কি চৰিত্ৰ ৰূপায়ন কৰিছে অকনমান জানিব বিচাৰিম।
বিভূতি দাঃ চিম্বলিকেলি ক’বলৈ গ’লে, মই এজন অসমীয়াৰ চৰিত্ৰত অভিনয় কৰিছো। এটা সাধাৰণ পৰিয়ালৰ অন্তৰ্গত এজন অসমীয়াৰ চৰিত্ৰত অভিনয় কৰিছো।
ছবিখনত যিখিনি নাটকীয় ভাগ আছে সেইখিনিত দৰ্শকে দেখিবলৈ পাব যে নগৰ বা চহৰ অঞ্চলত যিখিনি সাধাৰণ শ্ৰেণীৰ লোকে বাস কৰে আৰু তেওঁলোকৰ যেতিয়া ল’ৰা-ছোৱালীবোৰ বাহিৰলৈ পঢ়িবলৈ গুচি যায় তেতিয়া কিছুসময়ত তেওঁলোকে নিজৰ চাহিদা পূৰণ কৰিব নোৱাৰে আৰু কিছুমান বিভ্ৰান্তিকৰ চিন্তাত পৰি যায় তথা বহু নকৰিবলগীয়া কাম কৰি পেলায়। এই সমস্তখিনি বস্তু দৰ্শকে এই ড্ৰামাখনত বিচাৰি পাব।
এটা কু-চক্ৰ এনেও সদায় চলি থাকেই; ইয়াক কোনে চলায় অথবা কোনে প্ৰচলন কৰে সেয়া পিছৰ কথা কিন্তু তেওঁলোকে হাজাৰ কওঁক মই ৰাইজৰ কথা চিন্তা কৰো, অসমৰ কথা চিন্তা কৰো কিন্তু শেষত গৈ তেওঁলোকে এই কু-চক্ৰটোৰ অধিকাৰী ৰূপে বিবেচিত হৈ পৰে।
প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।
বিভূতি দাঃ মইটো মেগা চিৰিয়েল বোৰো কৰো গতিকে, বৰ্তমান মই নিজৰ বহুত বেছি ডিমাণ্ড দিয়া নিচিনা লাগিলেও প্ৰত্যেকজন শিল্পীৰেটো নিজৰ নিজৰ কিছুমান বিচাৰ-বিবেচনা থাকেই। শিল্পী এগৰাকীয়ে সদায় বিচাৰ কৰি চাই যে তেওঁনো কোনটো দিশৰ পৰা উঠি আহিছে বা তেওঁৰ অভিনয়ৰ কোনটো দিশকনো দৰ্শকে গ্ৰহণ কৰিছে। গতিকে, এনেক্ষেত্ৰত মই ক’ব বিছাৰো যে কেইদিন মান আগত মোৰ মনলৈ এনে এটা কথা আহিল যে মই ফেমিলী ৰ’ল অৰ্থাৎ এজন ককায়েকৰ চৰিত্ৰ অথবা এজন স্বামীৰ চৰিত্ৰত থকা অভিনয়বোৰ নকৰো।এতিয়া কিয় নকৰো মই শুনা!
কাৰণ সেই নিৰ্দ্দিষ্ট চৰিত্ৰটো অথবা পাত্ৰ-পাত্ৰীৰ সংলাপৰ বৰ বিশেষ গুৰুত্বপূৰ্ণ দিশ সেই নাটক খনত ওলাই নপৰে কেতিয়াও। আজি কালি প্ৰায় ধাৰাবাহিক নাৰী কেন্দ্ৰিক আৰু তাত জড়িত হৈ থাকে এটা ৰোমাণ্টিক এংগল। নাৰী গৰাকীৰ সৈতে এগৰাকী পাত্ৰ দিয়া হয় আৰু তেওঁলোকক উদ্দেশ্যিয়ে ঘূৰি থাকে সমগ্ৰ কাহিনীটো। গতিকে তাত ককায়েক-ভায়েকৰ সেই একঘেয়ামী চৰিত্ৰ ৰূপায়ন কৰিব মই খোজা নাই। এনেকৈয়ে মই বহু পৰিচালকক মানাও কৰিছো; কিন্তু, তেওঁলোকক কৈও থৈছো যে যদিহে তোমালোকে অকলশৰীয়া পগলা চৰিত্ৰও পোৱা বা ভিক্ষাৰী চৰিত্ৰও পোৱা তেনেহ’লে মোক মাতিবা; মই কৰিম। ইয়াৰ লগতে যদি এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ য’ত কেৱলমাত্ৰ তেওঁৰ কৰ্মব্যস্ততা দেখুওৱা হ’ব কোনো পৰিয়াল নোহোৱাকৈ বা নিগেটিভ ৰ’ল বা কমেডী ৰ’ল; যিকোনো মাত্ৰ ফেমিলী ৰ’লত মোৰ অভিনয় কৰাৰ বৰ্তমান ইচ্ছা নাই। ক’বলৈ গ’লে, কিছুমান এনে একঘেয়ামী সংলাপ অথবা চৰিত্ৰৰ পৰা বিৰত হৈ থাকিবলৈ মোক নিজৰ ভিতৰখনেই আছলতে কৈছে।
আৰু, আগন্তুক প্ৰজেক্ট হিচাপে “শ্লেমবুক” ৰ শ্বুটিঙৰ বাবে মই বৰ্তমান গৈ আছো। ছয় বছৰ বিৰতি পিছত এন.কে প্ৰডাকচনে এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি লৈ আহি আছে। তাত মই অকনমান নিগেটিভ চৰিত্ৰ এটা ৰূপায়ন কৰিম।
………… নিশ্চয় দাদা, আপোনাৰ আগন্তুক সমস্তখিনি কৰ্মই যাতে সফল হয় তাৰেই কামনাৰে আজিলৈ এৰিছো। ধন্যবাদ দাদা।
বিভূতি দাঃ ধন্যবাদ। মংগল হওঁক।
Add comment