Rupaliparda.com
"ৰমলা" ক লগত আনিব প্ৰাঞ্জল পৰশেঃ 1

“ৰমলা” ক লগত আনিব প্ৰাঞ্জল পৰশেঃ

“অ’ দাইদে”, “মন মাঝী”, “নাগাৰা” আদিকে ধৰি বহু কেইটা জনপ্ৰিয় গীতৰ কন্ঠশিল্পী প্ৰাঞ্জল পৰশৰ কন্ঠত মুক্তি পাব “ৰমলা”। মৰ্ডান অসমীয়া গীতত কন্ঠ নিগৰোৱা কন্ঠশিল্পী সমূহৰ তালিকাত প্ৰাঞ্জল পৰশৰ নাম উল্লেখযোগ্য; সেই অনুপাতে তেওঁৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া।

"ৰমলা" ক লগত আনিব প্ৰাঞ্জল পৰশেঃ 2


গতিকে, এইবাৰো দূৰ্গা পূজাৰ আগভাগতেই শিল্পী গৰাকীয়ে মুকলি কৰিব তেওঁৰ কন্ঠৰ আন এটা মৰ্ডান ডেন্স নাম্বাৰ। উল্লেখ্য যে, দীৰ্ঘদিনৰ বিৰতিৰ পিছ অভিনয় কৰা দেখিবলৈ পোৱা যাব পংকজ ইংতিক।

"ৰমলা" ক লগত আনিব প্ৰাঞ্জল পৰশেঃ 3


গীতটিৰ লিখাৰ লগতে সুৰ দিছে বিদ্যুৎ বিকাশে আৰু “ৰমলা” ত সংগীত দিছে দীপকেশ বৰগোঁহাইয়ে।। কৰিঅ’গ্ৰাফী কৰিছে ৰূপজ্যোতি চৌধুৰীয়ে লগতে গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল সোণাপুৰ অঞ্চলত। পংকজ ইংতিৰ সৈতে গীতটিত অভিনয় কৰিব নম্ৰতাই। উৎসৱমূখৰ এই গীতটিৰ বাবে এতিয়া আশাবাদী গায়ক প্ৰাঞ্জল পৰশ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.