ৰাজস্থানত শ্বুটিং সম্পন্ন হোৱা প্ৰথমটো অসমীয়া গীত “পাৰিজাত” ৰ শুভমুক্তি। গীতটিত কন্ঠ নিগৰাইছে জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই। ৰাজস্থানৰ সুন্দৰ পৰিৱেশৰ মাজত দীক্ষুৰ এই ৰোমান্টিক গীতটি সুন্দৰকৈ খাপ খাইছে বুলি একাষাৰে ক’ব পৰা যায়; কিয়নো গীতটি মুক্তি পোৱাৰ ২৪ ঘন্টা পূৰ্ণ নহওঁতেই ই চৰ্চিত হৈ পৰিছে। ইউটিউবত ইয়াত ভিউৱাৰছৰ সংখ্যা বৃদ্ধি হৈ পাইছে ৩৪ হাজাৰ জনলৈ।

গীতটিত দেখিবলৈ পোৱা ন-মুখ খনেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উক্ত গীতটিৰ লিখক হৈছে বিজিয়েতা পাটগিৰী তথা ইয়াৰ প্ৰযোজক হৈছে প্ৰণয় দত্ত। লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে।
Add comment