হলীউডৰ জনপ্ৰিয় ছবি “টাৰ্মিনেটৰ” ৰ ষষ্ঠ সংস্কৰণ “টাৰ্মিনেটৰঃ দা ডাৰ্ক ফেট” ত সম্পূৰ্ণ ২৮ বছৰৰ পিছত দেখিবলৈ পোৱা যাব লিন্ডা হেমিল্টন আৰু আৰ্ণল্ড স্কোৱাৰজেনেগাৰ । চলিত বৰ্ষৰ ১ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখন মুঠ ৬ টা ভাষা ক্ৰমে ইংৰাজী, হিন্দী, তামিল, তেলেগু, কন্নড় আৰু মালায়ালম ভাষাত মুক্তি লাভ কৰিব।
১৯৯১ চনত মুক্তি প্ৰাপ্ত টাৰ্মিনেটৰ চিৰিজ খনৰ দ্বিতীয়টো সংস্কৰণ “টাৰ্মিনেটৰ ২ঃদা জৰ্জমেন্ট ডে” ত দুয়ো গৰাকীক শেষবাৰৰ বাবে অভিনেতা-অভিনেত্ৰীক একেলগে দেখিবলৈ পোৱা গৈছিল। তাৰ পিছত ২৮ বছৰৰ পিছত দেখিবলৈ পোৱা যাব অভিনেতা-অভিনেত্ৰীদ্বয়ক।
ইতিমধ্যে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰে বহু দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈ পৰিছ। উক্ত ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছদ জেম্স কেমৰুয়ে। উল্লেখ্য যে, ছবিখনত লিন্ডাই সাৰা কানৰৰ চৰিত্ৰ ৰূপায়ন কৰিব।
Add comment