Rupaliparda.com
পতি-পত্নীৰ অদলা-বদলিৰেই "হাউচফুল ৪"- 1

পতি-পত্নীৰ অদলা-বদলিৰেই “হাউচফুল ৪”-

পুনৰ জনমৰ কাহিনীক লৈ আহি আছে “হাউচফুল” ছিৰিজৰ চতূৰ্থতম সংস্কৰণ। ২০১০ চনত মুক্তিপ্ৰাপ্ত ছবিখনৰ প্ৰথমটো সংস্কৰণৰ পিছৰ পৰাই দৰ্শক ছবিখনক লৈ উৎসাহী হৈ পৰিছিল।

পতি-পত্নীৰ অদলা-বদলিৰেই "হাউচফুল ৪"- 2


প্ৰত্যেকটো সংস্কৰণতেই দৰ্শকক নতুনত্ব প্ৰদান কৰি অহা ছবিখনৰ এইবাৰৰ ভাগত অক্ষয় কুমাৰৰ লগত অভিনয় কৰিব ৰিতেশ দেশমুখ, বঁবী দেউল, ৰাণা দগ্গুৱতী, কৃতি সেনন, কৃতি খৰবন্দা আৰু পূজা হেগড়েই। ইয়াৰ উপৰিও ছবিখনত দেখিবলৈ পোৱা যাব চাংকী পাণ্ডেকো।


কিছু সময় পূৰ্বে মুক্তি পোৱা ট্ৰেইলাৰ অনুসৰি ছবিখনত পুনৰ জনমত পতি-পত্নী ৰূপত থকা যুঁটি সমূহ এতিয়াৰ সময়ত বদলি হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত সকলোৰে মাজত সৃষ্টি হোৱা বিশৃংখলতাৰ কাহিনীৰেই হৈছে “হাউচফুল ৪”। ছবিখন চলিত বৰ্ষৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া ছবিখনৰ প্ৰযোজনা কৰিছে সাজিদ নাডিয়াডৱালাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.