বলীউডত প্ৰেম যিমান সোনকালে হয়; সিমান সোনকালে ভাঙি যোৱাও দেখিবলৈ পোৱা যায়। তেনেক্ষেত্ৰত এক উদাহৰণ দিব পৰা যায় বলীউডৰ অভিনেতা ইমৰাণ খান আৰু অৱন্তিকা মালিকৰ। ২০১১ চনত বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বৰে পৰা এই যুঁটিটোৱে প্ৰায় ৮ বছৰে এটা আনটোৰ প্ৰেমত আছিল। কিন্তু, যোৱা কিছু দিনৰ পৰা দুয়োৰে মাজৰ সম্পৰ্কত ফাট মেলা খবৰে চৰ্চা লাভ কৰি আহিছে।

উক্ত কথাটোৰ ওপৰত কোনোৱে স্পষ্টীকৰণ দিয়া নাই যদিও জানিব পৰা গৈছে যে, যোৱা ৪ বছৰ ধৰি ইমৰাণ খানৰ ওচৰত কোনো কাম নথকাৰ ফলত তেওঁলোকৰ সম্পৰ্ক প্ৰভাৱিত হোৱাৰ লগতে ইমৰান আৰু অধিক খঙাল হৈ পৰিছিল যাৰ ফলত তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল খং কৰিছিল। অভিনেতা গৰাকীয়ে পৰিচালক হোৱাৰ সপোন দেখিছিল যদিও ই বিফল হৈছিল।

ইয়াৰ উপৰিও, অভিনেতা গৰাকীৰ সকলো জমা শেষ হৈ যোৱাৰ ফলত অৱন্তিকা তেওঁৰ ঘৰৰো সহায় ল’বলগীয়াত পৰিছিল। এইবোৰৰ বাবে যেতিয়া অৱন্তিকা আৰু ইমৰানৰ মাজত কাজিয়া হ’বলৈ ধৰিলে তেতিয়া তেওঁলোকে নিজৰ বিবাহৰ পৰা বিৰতি লোৱাৰ কথা চিন্তা কৰিলে।
বৰ্তমান ইমৰানৰ পত্নী অৱন্তিকা নিজ জীয়ৰী ইমাৰাৰ সৈতে লণ্ডনত আছে।
সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/know-the-reason-why-imran-khan-and-avantika-malik-parted-ways/articleshow/71325313.cms
Add comment