Rupaliparda.com
সাংবাদিকৰ সংগ্ৰামেৰে "অহেতুক" - 1

সাংবাদিকৰ সংগ্ৰামেৰে “অহেতুক” –

কাহিনী, চিত্ৰনাট্য, সংলাপৰ লগতে বাণী দাসৰ পৰিচালনাৰে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি পায় এখন একচন থ্ৰিলাৰ চিনেমা “অহেতুক”। ৰাজ ৰাণী প্ৰডাকচনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰে উক্ত চিনেমাখন।

সাংবাদিকৰ সংগ্ৰামেৰে "অহেতুক" - 2


সাংবাদিক জীৱনৰ ঘাত-প্ৰতিঘাতৰ সৈতে সংলগ্ন কৰি সমাজৰ কিছু দূৰ্নীতিক উদঙাই দিয়াৰ চেষ্টা কৰিছে বোলছবিখনে। চৰকাৰৰ ফালৰ পৰা হোৱা এটা কোটিটকীয়া কেলেংকাৰীত জড়িত বিষয়া-আমোলা অথবা ব্যৱসায়ীৰ মুখা খোল খুৱাবলৈ “ইনভেষ্টিগেচন” ত যায় এটা ব্যক্তিগত চেনেলৰ দুই সাংবাদিক “ৰাজদ্বীপ” আৰু “জয়ীতা”। সংগ্ৰাম কৰি; দুজন নিৰীহ লোকৰ প্ৰাণৰ উচৰ্গাৰ অন্তত সাংবাদিক দ্বয়ে “তথ্য” খিনি পাবলৈ সক্ষম হৈ যদিও পিছলৈ তেওঁলোকে বুজি উঠে যে গোটেই “চিষ্টেম” টোৱে মামৰে খোৱা। কেইটামান টকাৰ মোহত বিক্ৰী বহু গুণী-জ্ঞানী ব্যক্তি। এই কাহিনীৰ আঁত ধৰিয়ে নিৰ্মাণ কৰা হৈছে “অহেতুক”।

সাংবাদিকৰ সংগ্ৰামেৰে "অহেতুক" - 3

পিছপৰা অঞ্চলৰ অসাক্ষৰ লোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ভিতৰি হৰলুকী হয় বছৰি কোটি কোটি টকা। এনেকুৱা যে কিছু উদাহৰণ আছে তাক আমি নুই কৰিব নোৱাৰো। বোলছবিখনত এটা জীয়া কাহিনীক প্ৰদৰ্শিত কৰা হৈছে বাবে দৰ্শকে বোলছবিখন হৃদয়ংগম কৰিব পাৰিছে। অমৃতা গগৈ আৰু গুঞ্জন ভৰদ্বাজৰ অভিনয় বোলছবিখনত সুন্দৰ। অভিনয়ৰে দৰ্শকৰ মন চুই নিবলৈ সক্ষম হৈছে তেওঁলোক। বোলছবিখনৰ আন এটা “মূখ্য” চৰিত্ৰত দেখা পোৱা গৈছে তপন দাসক। ভংগিমাৰে নিজ কথা সুন্দৰকৈ ব্যক্ত কৰিব পাৰে অভিনেতা গৰাকীয়ে।

সাংবাদিকৰ সংগ্ৰামেৰে "অহেতুক" - 4

বোলছবিখনৰ আন আন চৰিত্ৰত আছে অশ্বিনী ভূঞা,ৰাজীৱ ক্ৰ’, মনোজ গগৈ, ৰুমা কলিতা, মহেন্দ্ৰ দাস,দেবাশিস,হিল্লোল কুমাৰ পাঠক,তৃষ্ণা কুৰ্মী,সপোনটি বৰদলৈ,ছায়ান চক্ৰৱৰ্তী,উৎপল বৰদলৈ। বোলছবিখনত এটা “আইটেম নম্বৰ” ত দেখা যায় প্ৰস্তুতি পৰাশৰক। পৰাণ বৰকটকীৰ সংগীত পৰিচালনাৰে জুবিন গাৰ্গে কণ্ঠদান কৰা বোলছবিখনৰ গীতে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। Vfx ৰ প্ৰিয়ম চক্ৰৱৰ্তী, সুমন চৌধুৰী, উৎপল তালুকদাৰৰ কামত উচ্চ মানৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform