অসমীয়া চিনেমাক এক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত এতিয়া সষ্টম হৈ পৰিছে অসমীয়া চলচিত্ৰ জগতৰ প্ৰত্যেকজন তাৰকা। “কাঞ্চনজংঘা” ৰ অভূতপূৰ্ব সফলতাৰ পিছত এতিয়া শাৰীত থিয় হ’বলৈ আহি আছে যতীন বৰাৰ “ৰত্নাকৰ”। ইয়াৰ উপৰিও, অসমীয়া চিনেমাক সাধাৰণ ৰাইজৰ মন-মগজুত সোমোৱাই দিবলৈ আগবাঢ়ি আহিছে প্ৰায় কুৰিতকৈও অধিক অসমীয়া ছবিত অভিনীত ৰবি শৰ্মাও। দেওঁবৰীয়া বিশেষত ৰবি শৰ্মাৰ সৈতে ৰূপালী পৰ্দাৰ ফালৰ পৰা হোৱা কথা বতৰাত অভিনেতা গৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবিখনক উদ্দেশ্যি কয় যে,

“ৰঘুপতি” ৰ শ্বুটিং আমি আৰম্ভ কৰিম নৱেম্বৰ-ডিচেম্বৰৰ পৰা। জুলাই মাহৰ পৰা শ্বুটিং আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও অত্যন্ত গৰমৰ বাবে ছবিখনৰ শ্বুটিং পিছুৱাই দিয়া হ’ল। ছবিখনৰ নায়কৰ চৰিত্ৰত মই থাকিম; নায়িকাৰ চৰিত্ৰত কোন থাকিব সেয়া বৰ্তমানেও আমি সিদ্ধান্ত গ্ৰহণ কৰা নাই। লগতে, ছবিখনত কোন কোন থাকিব; সেয়া আমি সম্পূৰ্ণকৈ এতিয়াই কয় দিব নোৱাৰিম।”

অভিনেতা গৰাকীক ছবিখনক লৈ কিমান আশাবাদী বুলি কৰা প্ৰশ্নত তেওঁ উত্তৰ দিয়ে যে,
“মই সঁচা অৰ্থত ক’বলৈ গ’লে, অসমীয়া চলচিত্ৰ জগতৰ যিখিনি পৰিচালক অথবা মেকাৰ্ছ; তেওঁলোকে সদায় ভাল ছবিয়েই বনাই আহিছে বুলি ক’ম। অ’ কেতিয়াবা তাৰ মাজতে দুই এখন বেয়া হোৱাটো ডাঙৰ কথা নহয় কাৰণ সেয়া প্ৰত্যেকটো ইনড্ৰাষ্টিটেই হয়; কেৱল অসমীয়া বুলিয়েই নহয়।
আমাৰ ছবি সমূূহ ভালেই হৈ আছিল কিন্তু আমি কেৱল জনা নাছিলো মাৰ্কেটিং কেনেদৰে কৰে! লগতে, এই মাৰ্কেটিং টো সমৰ্থন কৰিব পৰাকৈ কোনো ধৰণৰ অসমীয়া ছবিৰ পলিছি অৰ্থাৎ নীতি নাছিল। বৰ্তমান এনেকুৱা নাই একো; আছলতে মই ধন্যবাদ জ্ঞাপন কৰিম মাননীয় সৰ্বানন্দ সোণোৱাল চৰকাৰ খনক যে তেওঁলোকে নিজেই আগবাঢ়ি আহি এই নীতিখন প্ৰযোজ্য কৰিলে। এতিয়া আমি প্ৰায় ৪০ বছৰৰ অন্তত ক’ব পাৰো যে, আমাৰ হাতত এখন চলচিত্ৰ নীতি আছে।

গতিকে,এই নীতিখনেই আমাক ছবিসমূহ মাৰ্কেট কৰাৰ সুবিধা প্ৰদান কৰিব। মাৰ্কেটৰ সৈতে জড়িত যিখিনি ছবিগৃহ,ডিষ্ট্ৰিবিউটৰ অথবা যিখিনি মিডিয়া এই আটাইবোৰক লগত লৈ এতিয়া ছবি এখনে আগবাঢ়িব পাৰিব। ফলত সকলো চিনেমাই ভাল হ’ব; আনকি মোৰ ছবিও ভাল হ’ব।
কাৰণ আমি যিমানখিনি লোকে অসমীয়া ছবি কৰি আছো সকলোবোৰটো অভিজ্ঞই মানুহ; নহয়নে?? আমাৰ ছবিসমূহটো সৃষ্টিশীলেই হয়; বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ঠাইত প্ৰশংসাও লাভ কৰিছে গতিকে ইয়াক বেয়া বুলি কেনেকৈনো ক’ব পাৰি? কিন্তু কথাটো এইটোৱে যে, এইবাৰ আমাৰ হাতত মাৰ্কেটিঙটো আছে।

লগতে, জুবিনৰ ছবি “কাঞ্চনজংঘা” ইটো প্ৰমাণ কৰিলে যে আমাৰ মাৰ্কেটটো আছে। আমাৰ মানুহখিনি যদি ছবিগৃহলৈ আহে তেনেহ’লে অসমীয়া ছবি সুন্দৰকৈ চলি থাকিব। আগতে ছবিগৃহত বোমা দিয়া লগতে ছবিগৃহ সমূহত কমি অহা সা-সুবিধা আৰু আমাৰ নিৰ্মাতা খিনিয়ে নতুন নতুন বস্তু ছবিসমূহত গৱেষণা কৰা নাছিলো তথা বাণিজ্যিক ছবিৰ বাবে আমি দৌৰা নাছিলো ফলত দৰ্শক প্ৰায় কমি আহিছিল। এতিয়াটো আমি সকলোৱে কৰ্মাছিয়েল কি বস্তু বুজি পোৱা হ’লো!
এইবোৰক লৈয়ে মই ক’ব পাৰো যে অসমীয়া ছবি ভাল হ’বই হ’ব আৰু “ৰঘুপতি” ক লৈও মই যথেষ্ট আশাবাদী। কাৰণ ছবিখনৰ নামটোৱে দৰ্শকক আকৰ্ষিত কৰিছে। আমি য’তেই নাযাওঁ কিয় ছবিখনক লৈ প্ৰশ্ন আমাক কৰে গতিকে এই ছবিখনক লৈ মই আশাবাদী।”

ৰবি শৰ্মাৰ এনে আত্মবিশ্বাসে এতিয়া তেওঁৰ আহিবলগীয়া ছবিক কিমান সফলতা দিয়ে সেয়া হ’ব লক্ষণীয়।
Add comment