Rupaliparda.com
"অসম দেশৰ বাগিচা" শীৰ্ষক জনপ্ৰিয় গীতটিৰ ছবিখনঃ 1

“অসম দেশৰ বাগিচা” শীৰ্ষক জনপ্ৰিয় গীতটিৰ ছবিখনঃ

“চম্পা নহয় মোৰে নাম চামেলী” শীৰ্ষক গীতটি প্ৰত্যকজন অসমীয়াই শুনিছে বা গুনগুনাইছে বুলিলেও অতিৰঞ্জিত নহ’ব। নিৰোদ চৌধুৰীৰ এটি চুটিগল্পৰ আধাৰত নিৰ্মিত কৰা উক্ত গীতটি অন্তৰ্ভূক্ত ছবিখন হৈছে “চামেলী মেমচাহাব”। আব্দুল মজিদৰ দ্বাৰা পৰিচালিত আৰু সেউজ বোলছবি সন্থাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে ১৯৭৫ চনত ৰাষ্ট্ৰীয় চলচিত্ৰৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচিত্ৰ বঁটা লাভ কৰে।

"অসম দেশৰ বাগিচা" শীৰ্ষক জনপ্ৰিয় গীতটিৰ ছবিখনঃ 2


এগৰাকী চাহ বাগিচাত কৰ্মৰত যুৱতী আৰু এগৰাকী বৃটিছ চাহ বাগিচাৰ মালিকৰ প্ৰেম কাহিনীৰেই নিৰ্মিত কৰা হৈছে উক্ত ছবিখন। ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা অভিনেতা জৰ্জ বেকাৰ আৰু অভিনেত্ৰী বিনীতা বৰগোঁহাইয়ে।

"অসম দেশৰ বাগিচা" শীৰ্ষক জনপ্ৰিয় গীতটিৰ ছবিখনঃ 3


উল্লেখ্য যে, ছবিখনৰ সংগীত পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই। ছবিখনৰ প্ৰত্যেকটা গীতেই জনপ্ৰিয় বুলিব পাৰি। ড° ভূপেন হাজৰিকাই ছবিখনৰ বাবে ১৯৭৫ চনতে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.