কৰ্মব্যস্ততাৰ মাজতেই অভিনেত্ৰী অমৃতাৰ “কা” বিৰোধী পোষ্ট। “শিল্পীৰ গণ আন্দোলন” ত অসমীয়া কেইবাগৰাকীও শিল্পীৰ লগতে এই আন্দোলনত আগ-ভাগ লৈছিল অভিনেত্ৰী অমৃতা গগৈয়েও।


নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতাৰে অসমৰ জনসাধাৰণৰ সৈতে হাতে হাত ধৰি প্ৰতিবাদত আগ-ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক। কিন্তু, প্ৰতিবাদৰ সমান্তৰালকৈ কৰ্মৰ প্ৰতি সেই একেই নিষ্ঠা ৰাখিছে অভিনেত্ৰী গৰাকীয়ে।
এনে পৰিপ্ৰেক্ষিততেই, অভিনেত্ৰী গৰাকীয়ে শ্বুট চলি থকা মাজতেই ইনষ্টাগ্ৰাম যোগে এক পোষ্ট কৰি পুনৰ বাৰ “কা” ৰ বিৰোধিতা কৰে।
Add comment