অসমীয়াকে ধৰি কেইবাটাও ভিন্ন ভাষা ক্ৰমে কাৰ্বি, বড়ো, মিছিং, নেপালী, তিৱা, দেউৰী, অৰুণাছলী, নাগামিজ, বেংগলীত কন্ঠদান কৰা বৰ্ণালী কলিতা অসমৰ জনসাধাৰণৰ বাবেই হৈছে এক স্বাভিমান। তেওঁৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “সাজনা” য়ে ইতিমধ্যে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল।
“মই পগলা” গীতটিয়ে মুক্তিৰ ১০ টা দিনতেই লাভ কৰিছিল ১ লাখ ৫১ হাজাৰতকৈও অধিক ভিউৱাৰচ।

ইয়াৰ উপৰিও, উক্ত মন পৰশা গীতটিক পচন্দ কৰিছে সূদুৰ লণ্ডনত বাস কৰা এহাল দম্পতীয়েও। দম্পতী হালে কন্ঠশিল্পী বৰ্ণালীক উদ্দেশ্যি দিয়া এক ভিডিঅ’ই এতিয়া চচিয়েল মিডিয়াত জনপ্ৰিয় হৈ উঠিছে।
Add comment