Rupaliparda.com
"লতা গাভৰু" এইবাৰ নিউ লুকতঃ 1

“লতা গাভৰু” এইবাৰ নিউ লুকতঃ

“বেহাৰবাৰী আউটপোষ্ট” ৰ লতা গাভৰু এইবাৰ নিউ লুকত। আছলতে, ধাৰাবাহিকখনত “লতা গাভৰু” ৰ চৰিত্ৰটি ৰূপায়ন কৰা নিশিতা গোস্বামীক দেখিবলৈ পোৱা যাব নতুন লুকত। পদ্মনাভ বৰদলৈৰ কন্ঠত আহিবলগীয়া গীত “দিহিং দিচাং দিমৰু ২.০” সংস্কৰণটোত দেখিবলৈ পোৱা যাব নিশিতা গোস্বামীক।

"লতা গাভৰু" এইবাৰ নিউ লুকতঃ 2
"লতা গাভৰু" এইবাৰ নিউ লুকতঃ 3


নিশিতা গোস্বামী অভিনীত অসমীয়া ছবি “ৰত্নাকৰ” ৰ বহুল জনপ্ৰিয়তাৰ পিছত অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ আগতকৈ অধিক লোক যে অনুৰাগী হৈ পৰিছে সেই কথা একাষাৰে ক’ব পৰা যায়। এনে পৰিপ্ৰেক্ষিততে, অভিনেত্ৰী গৰাকীয়েও চচিয়েল মিডিয়া যোগে বিভিন্ন পোষ্ট দি দৰ্শকৰ কাষ চাপিবলৈ চেষ্টা কৰে।


আহিবলগীয়া “দিহিং দিচাং দিমৰু ২.০” গীতটিত নিশিতাৰ সৈতে অভিনয় কৰিছে নৱজ্যোতি নিকুয়ে। গীতটি লিখিছে বিদ্যু্ৎ বিকাশে লগতে ইয়াত পদ্মনাভ বৰদলৈৰ সৈতে দ্বৈতভাৱে কন্ঠদান কৰিছে বৰ্ষা বৰাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.