Rupaliparda.com
সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস- 1

সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস-

সন্দীপ ৰেড্ডীয়ে যেতিয়াই “অৰ্জুন ৰেড্ডী” ৰ দৰে এখন সফল ছবি নিৰ্মাণ কৰিছিল তেতিয়াৰ পৰাই তেওঁৰ সৈতে বহু তাৰকা কাম কৰিবলৈ আগ্ৰহী হৈ পৰিছিল। তেওঁৰ ছবি “অৰ্জুন ৰেড্ডী” ইমানেই সফল আছিল যে তেওঁ যেতিয়া উক্ত ছবিখনৰ হিন্দী ৰিমেক “কৱীৰ সিং” নিৰ্মাণ কৰিছিল; তেতিয়াও এই ছবিখন চুপাৰ হিট হৈ পৰিছিল।

সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস- 2
সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস- 3


পুনৰ বাৰ পৰিচালক ৰেড্ডী ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি “ডেবিল” ক লৈ। কিন্তু ছবিখনক উদ্দেশ্যি আন এটা খবৰেহে বৰ্তমান শিৰোনাম দখল কৰিছে। কিছু দিনপূৰ্বে, উক্ত “ডেবিল” ছবিখনত বলীউড ষ্টাৰ ৰণৱীৰ কাপুৰক গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছিল। কিন্তু এতিয়া আকৌ, আন এক খবৰ মতে, ৰণৱীৰ কাপুৰক আঁতৰাই দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসেহে এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব বুলি কোৱা হৈছে।

সন্দীপ ৰেড্ডীৰ ছবিত সালসলনিঃ ৰণৱীৰ নহয়; থাকিব প্ৰভাস- 4


বৰ্তমানলৈ ছবিখনত কিয়নো এনে সালসলনি কৰা হৈছে তাৰ কোনো স্পষ্টী কৰণ দিয়া হোৱা নাই।”ডেবিল” ছবিখনত আন এক চৰিত্ৰ ৰূপায়ন কৰিব পূজা হেগড়েই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform