“কাঞ্চনজংঘা” ৰ দৰেই দৰ্শকে সঁহাৰি জনালে “ৰত্নাকৰ” কো। “ৰত্নাকৰ” ৰ কাহিনী তথা যতীন বৰাৰ একছন আৰু পৰিচালনাই ইতিমধ্যে দৰ্শকক মোহিবলৈ সক্ষম হৈ পৰিছে। প্ৰথমদিনাৰ দৰ্শনীতে “ৰত্নাকৰ” -এ লাভ কৰিলে ৪১ লাখ টকা। দৰ্শকে অহা তিনিদিনৰ বাবে আগতীয়াকৈ কৰিলে বুকিং। “অধিনায়ক” ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা যতীন বৰাই উক্ত ছবিখনক লৈ দৰ্শকক বৰ বেছি সন্তোষ প্ৰদান কৰিব পৰা নাছিল। কিন্তু, দীৰ্ঘ দিনৰ বিৰতিৰ পিছত তেওঁ পুনৰ “ৰত্নাকৰ” ত পৰিচালকৰ দায়িত্ব বহন কৰে আৰু এইবাৰ তেওঁ লাভ কৰে দৰ্শকৰ যথেষ্ট সমাদৰ।

নায়ক ৰূপত থকা যতীন বৰাই ছবিখনত তিনিটা ভিন্ন চৰিত্ৰ ৰূপায়ন কৰে; এটা গুণ্ডাৰ লগতে এজন পাগল প্ৰেমিক আৰু এগৰাকী জীৰ দায়িত্ববহনকাৰী পিতৃৰ। উক্ত তিনিওটা চৰিত্ৰকেই তেওঁ সুচাৰুৰূপে চলাই নিয়ে। সাধাৰণ ৰাইজৰ লগতে জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ৰ “মোহন” চৰিত্ৰটোত থকা দীপজ্যোতি কেওঁটেও “ৰত্নাকৰ” ক উদ্দেশ্যি পোষ্ট প্ৰদান কৰে।


অসমৰ বিভিন্ন ঠাইৰ চিত্ৰগৃহত “ৰত্নাকৰ” মুক্তি পোৱাৰ লগতে অসমৰ বাহিৰৰো কেইবাখনো ঠাইত ছবিখনে লাভ কৰিছে মুক্তি। তলত চাওঁক এই তালিকাঃ

কিন্তু এতিয়াও প্ৰশ্ন হয়, প্ৰথমটো দিনৰ দৰেই আগন্তুক কিমানদিনৰ বাবে বৰ্তি থাকিব “ৰত্নাকৰ” ৰ উৎসাহ? কিছু দিনৰ হৈ-চৈ ৰ মাজত বিলীনটো হৈ নাযায় যতীন বৰাৰ সপোন “ৰত্নাকৰ”?
Add comment