প্ৰথমবাৰৰ বাবে অসমীয়া দৰ্শকে দেখিবলৈ পাব ছবিগৃহত এক নতুন যুঁটি। অসমীয়া চলচিত্ৰ জগতৰ দুগৰাকী প্ৰতিভাৱান অভিনেত্ৰী ক্ৰমে বৰষা ৰাণী বিষয়া আৰু উৰ্মিলা মহন্তই একেখন ছবিতে কাম কৰিব। এই দুয়োগৰাকী অভিনত্ৰীৰ লগতে মূখ্য চৰিতত্ৰ থাকিব উদয়ন দুৱৰা।

পূৰ্বতে নিৰ্মিত “ৰাম ভডকা হুইচকী” আৰু “যি গল্পৰ শেষ নাই” ছবি দুখনৰ নিৰ্মাতা প্ৰশান্ত শইকীয়াই পুনৰ এক নতুন তথা সুন্দৰ কাহিনীৰে সৈতে লৈ আনিছে “গুৱাহা্ঢী ডায়েৰীজ”। ছবিখনৰ কাহিনী তেওঁ নিজেই লিখিছে। ইতিমধ্যে তেওঁৰ দ্বাৰা পৰিচালিত “যি গল্পৰ শেষ নাই” ছবিখনে ঘৰুৱা দৰ্শকৰ মাজত মুক্তি লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰিছে বৃহৎ সংখ্যাত সঁহাৰি।

নগৰ অঞ্চলত যি সমূহ সম্বন্ধ গঢ় লৈ উঠে; সেই সম্বন্ধ সমূহৰ বিভিন্ন উঠা-নমা আদিক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে “গুৱাহাটী ডায়েৰীজ” ছবিখনৰ কাহিনীভাগ। ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ নীল বৰ্মনৰ।


ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নাজ চুলতানা, মনিষা হাজৰিকা,অঘ্ৰদ্বীপ বৰুৱা, ৰাজীৱ লাল বৰুৱা, মিন্টু বৰুৱা, হেমন্ত দেৱনাথ আৰু কমল লোচনে।
Add comment