প্ৰিয়ংক চোপ্ৰা তথা ফাৰহান আখতাৰ অভিনীত “দা স্কাই ইজ পিংক” ছবিখনে প্ৰথমটো দিনা আশা কৰা মতে লাভ নকৰিলে বস্ক অফিচ কালেকচন। বস্ক অফিচ ইণ্ডিয়া ডট কমে দিয়া তথ্য অনুসৰি ছবিখনে মুক্তি লাভ কৰা দিনা কেৱল মাত্ৰ ২.৫০ কোটি টকাৰহে ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

কিন্তু তেওঁলোকৰ মতে, ছবিখনে শনিবাৰ আৰু ৰবিবাৰ দিনটোত কিছু সুফল দেখুৱাব পাৰে। উল্লেখযোগ্য যে, “দিল ধড়কনে দো” ৰ পিছত প্ৰিয়ংকা চোপ্ৰা বহুদিন অভিনয়ৰ পৰা বিৰত হৈ আছিল আৰু মুঠ তিনি বছৰৰ অন্তত তেওঁ উভতি আহে।

ছবিখনে ছবিগৃহ সমূহত মুক্তি পোৱাৰ পূৰ্বে “টৰেন্টো ফিল্ম ফেষ্টিভেল” ত প্ৰদৰ্শিত কৰাৰ বাবে মনোনয়ন লাভ কৰিছিল। শোনালী বোসৰ দ্বাৰা নিৰ্মিত “ডা স্কাই ইজ পিংক” ছবিখনত প্ৰিয়ংকা-ফাৰহানৰ উপৰিও জায়ৰা ৱসীম আৰু ৰোহিত সৰাফে মূখ্য চৰিত্ৰত অভিনয় কৰে।
Add comment