Rupaliparda.com
পাৰিবাৰিক কাহিনীৰে মুক্তি পাবলৈ সাজু ছবি "ৰ'দ হৈ আহা তুমি"- 1

পাৰিবাৰিক কাহিনীৰে মুক্তি পাবলৈ সাজু ছবি “ৰ’দ হৈ আহা তুমি”-

ইখনৰ পিছত সিখন অসমীয়া ছবিৰ মুক্তিয়ে অসমীয়া চলচিত্ৰ উদ্যোগক চহকী কৰি তুলিছে। পাৰিবাৰিক কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি “ৰ’দ হৈ আহা তুমি” ইতিমধ্যে মুক্তিৰ বাবে সাজু পৰিছে।

পাৰিবাৰিক কাহিনীৰে মুক্তি পাবলৈ সাজু ছবি "ৰ'দ হৈ আহা তুমি"- 2


তপন বৰদলৈৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য লগতে সংলাপ আৰু এম.বি.ফিল্মছৰ বেনাৰত মৌছুমী বৰদলৈয়ে প্ৰযোজনা কৰা উক্ত ছবিখনৰ মূখ্য কেন্দ্ৰবিন্দুটোৱে হৈছে এটা “পৰিয়াল”। আদৰ, মৰম-স্নেহ তথা আন্তৰিকাৰে ভৰ-পূৰ এটা সুখৰ পৰিয়াললৈ হঠাৎ আহে এজাক দোবাল-পিটা বৰষুণ। যি বৰষুণে নিঃশেষ কৰি পেলায় পৰিয়ালটোৰ সৰ্বস্ব। প্ৰতিশোধৰ মানসিকতাই পুৰি পেলায় সুন্দৰকৈ হাঁহি থকা এটা পৰিয়াল। এয়াই হ’ব “ৰ’দ হৈ আহা তুমি” ৰ কাহিনীভাগ।

পাৰিবাৰিক কাহিনীৰে মুক্তি পাবলৈ সাজু ছবি "ৰ'দ হৈ আহা তুমি"- 3


চলিত বৰ্ষৰ ১ নৱেম্বৰ তাৰিখে উক্ত ছবিখন মুক্তি পোৱাৰ কথা জানিবলৈ দিয়ে অভিনেতা সিদ্ধাৰ্থ কলিতাই। ছবিখনত সিদ্ধাৰ্থৰ সৈতে অভিনয় কৰিছে মলয়া গোস্বামী, জয়ন্ত দাস, মনালী বৰদলৈ, শমিষ্ঠা চক্ৰৱৰ্তী,মৃন্ময় বৰুৱা, তপন বৰদলৈ, ভগৱৎ প্ৰীতম আৰু ইউনিছ ইয়ঙে।

https://www.instagram.com/p/B3oX06ZBTgl/?utm_source=ig_web_copy_link


বোলছবিখনত সংযোজিত গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত আৰু মনজুৰি বৰদলৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.