“ৰত্নাকৰ” ৰ সফলতাত এতিয়া ব্যস্ত প্ৰত্যেকজন। “কাঞ্চনজংঘা” ৰ সফলতাই সাম কটাৰ আগেয়ে “ৰত্নাকৰ” ৰ বহু কোটি টকীয়া বস্ক অফিচ কালেকছনে অসমীয়া উদ্যোগটোক এক নতুন গতি দিয়াত অৰিহণা যোগাইছে।

কিন্তু এইখিনিতে, আমি আপোনালোকক দেখুৱাম “কাঞ্চনজংঘা” ক উদ্দেশ্যি কৰা এটা ব্যতিক্ৰমী পোষ্ট। “ফাৰ্ষ্টপোষ্ট” নামৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্টাৰটেইনমেন্ট ওৱেব চাইটত “কাঞ্চনজংঘা” ৰ ৰিভিউ দিয়ে এজন অসমীয়া ব্যক্তিয়ে।

তেওঁ “কাঞ্চনজংঘা” ক মূৰৰ বিষ ৰূপে আখ্যা দি ছবিখন মাত্ৰ ১০০ মিনিটহে উপভোগ কৰিব পাৰিলে বুলি ব্যক্ত কৰে। ইয়াৰ উপৰিও ছবিখনক ৫ ষ্টাৰৰ ভিতৰত ব্যক্তিজনে প্ৰদান কৰে মাত্ৰ ১.৫ ষ্টাৰ। তলত পোষ্টটোৰ লিংক দি দিয়া হৈছেঃ
আছলতে এতিয়া প্ৰশ্ন হয়; “কাঞ্চনজংঘা” সঁচাকৈ বাৰু এনে এটা পৰ্যায়ত স্থান পাবলৈ সক্ষম আছিল নে? সঁচাকৈ ছবিখনে ইমান কোটিটকীয়া লাভ অৰ্জন কৰিবলৈ সক্ষম আছিল নে?? জুবিন গাৰ্গৰ নামৰ বাবেই ছবিখনে লাভ কৰিছিল নেকি দৰ্শকৰ সঁহাৰি?

এনেকুৱা কেইবাটাও প্ৰশ্নই হয়টো আপোনালোকৰ মনটো হুলস্থূল কৰিছে। এইক্ষেত্ৰত আপোনালোকে কি ভাৱে? কমেন্ট কৰি আমাক জনাওঁক আপোনালোকৰ মতামত।
Add comment