সম্প্ৰচাৰিত ধাৰাবাহিক সমূহৰ ভিতৰত বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক খন হৈছে “তোমাৰ মৰমে মোক”। চলিত বৰ্ষৰ ১৬ চেপ্তেম্বৰৰ পৰা “ৰং” চেলেনত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনে ইতিমধ্যে টানিবলৈ সক্ষম হৈছে যথেষ্ট দৰ্শকৰ আকৰ্ষণ।


ধাৰাবাহিকখনৰ “পাৰিজাত” চৰিত্ৰটিৰ কোমলতা তথা “মল্লিকা” ই নিজ প্ৰেমক নিজৰ ফালে টানি অনা যি আকোঁৰগোজ ক্ষোভ; এইবোৰক লৈ নিৰ্মিত “তোমাৰ মৰমে মোক” শীৰ্ষক ধাৰাবাহিকখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে। ইয়াৰ লগতে, ধাৰাবাহিকখনত অভিনীত জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীৰ অভিনয়েও চিৰিয়েলখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে।

গতিকে,আজি আমি এক্সক্লুছিভলি আপোনালোকক দেখুৱাম ধাৰাবাহিকখনৰ শ্বুটিঙৰ আঁৰৰ কিছু ধেমালি। ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই কেনেদৰে এই শিল্পী সমূহে ধেমালি কৰে চাওঁচোন আহকঃ
Add comment