জ্যোতিপ্ৰসাদৰ “জয়মতী” ৰে আৰম্ভ হোৱা অসমীয়া চলচিত্ৰৰ ধাৰাই এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰিছে। অসমীয়া চলচিত্ৰত “নাৰী” কেন্দ্ৰিক চিনেমা নিৰ্মাণ কৰা হৈছিল “জয়মতী” পৰাই। নাৰীৰ মনস্তাত্বিক অৱস্থা, তেওঁলোকৰ আৱেগ-অনুভূতিক চিত্ৰিত কৰি অসমীয়া বোলছবি জগতত মুক্তি পাই আহিছে একাংশ বোলছবি।
ইয়াৰ ভিতৰত কেইখনমান ছবি হ’ল ক্ৰমে “জয়মতী” (১৯৩৫), “অপৰূপা” (১৯৮২), ফিৰিঙতি(১৯৯২), লাজ (২০০৪)। উল্লেখ্য যে, আধুনিকতাই বহুখিনি সলনি কৰিলেও বৰ্তমানেও নাৰীক প্ৰাধান্য দি নিৰ্মিত ছবিয়ে জনমানসত এক উচ্চস্থান লাভ কৰি আহিছে।
জয়মতী

প্ৰথম ছবি “জয়মতী” ত গিৰিয়েকৰ প্ৰতি থকা আন্তৰিকতা,দায়বদ্ধতা,মৰম-স্নেহ আদি চিত্ৰিত কৰা হৈছিল। সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এক অধ্যায়ক কেন্দ্ৰ কৰিয়েই উপস্থাপন কৰা হৈছিল “জয়মতী” ৰ কাহিনীভাগ। ল’ৰা ৰজাই ৰাজ্যৰ আহোম কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দ্দেশ পোৱা পিছতেই গদাপাণিক পলাই যাবলৈ কৈ জয়মতী নিজে বন্দী হৈ পৰে ল’ৰা ৰজাৰ হাতত। স্বামীৰ ঠিকনা বিচাৰি জেৰেঙা পথাৰত জয়মতীক গাঁৰ নোম শিঁয়ৰি যোৱা অত্যাচাৰৰ কৰা পিছতো তেওঁ নিজ মুখ খোলা নাছিল। এগৰাকী নাৰীৰ স্বামীক লৈ থকা একাগ্ৰতাক প্ৰতিফলিত কৰা হৈছে বোলছবিখনত।
অপৰূপা

ইয়াৰ পিছতেই জাহ্নু বৰুৱাই নিজ ছবিত “নাৰী” জীৱন দৰ্শনৰ কেইবাটাও দিশ প্ৰতিফলিত কৰিছিল। যেনেঃ “অপৰূপা” ত তেওঁ এগৰাকী নাৰীক “মুক্ত” কৰিব বিচাৰিছিল। সমাজ অথবা কিছুমান পৰশ্ৰীকাতৰ লোকৰ কু-দৃষ্টিৰ পৰা পৃথক কৰি “নাৰী” ক নিজ মুক্ত মনে জীয়াই থকাৰ দৰে এক কাহিনী চিত্ৰিত কৰিছিল চিনেমাখনত। এগৰাকী “নাৰী” ৰ ভুল নথকা স্বত্বেও সমাজৰ বিষাক্ত জিভাই কেনেদৰে তেওঁক চেলেকি নিঃশেষ কৰি দিব পাৰে; তেনেধৰণৰ এক কাহিনী উপস্থাপন কৰা হৈছে “অপৰূপা” ত।
ফিৰিঙতি

ইয়াৰ পিছত জাহ্নু বৰুৱাৰ আন এখন “নাৰী” ক মূখ্য চৰিত্ৰত লোৱা ছবি হৈছে “ফিৰিঙতি”। এগৰাকী “নাৰী” ৰ দৃঢ় মনোবলে সমাজ ব্যৱস্থাৰ অথবা প্ৰচলিত প্ৰথাৰ কিমান সালসলনি কৰি দিব পাৰে তাকেই দেখুওৱা হৈছে “ফিৰিঙতি” ৰ কাহিনীটোৰ জৰিয়তে। অসাক্ষৰ লোকক সাক্ষৰ কৰাৰ প্ৰতিজ্ঞাৰে “ৰুণু” য়ে কৰা কৰ্মৰ ধুনীয়া উপস্থাপন কৰা হৈছে চিনেমাখনত।
লাজ

“নাৰী” ৰ জীৱনৰ এটা খণ্ড উপস্থাপনেৰে কেইবাটাও বঁটাপ্ৰাপ্ত মঞ্জু বৰুৱাৰ এখন উল্লেখযোগ্য ছবি হৈছে “লাজ”। নিজ পৰিয়ালৰ দূৰ্দশাৰ ফলত “ছোৱালী” য়ে নিজ শিক্ষাক কেনেদৰে উচৰ্গা কৰিবগীয়া হয় তাকেই দেখুওৱা হৈছে। পঢ়াত চোকা হ’লেও দুখীয়া হোৱা ফলত লাজ নিবাৰণৰ বাবে সামান্য কাপোৰ এটুকুৰা কিনিবলৈও সক্ষম নোহোৱাত স্কুল যাব পৰা নাছিল “ইলা”। নাৰীৰ তেনে এক হৃদয়বিদাৰক কাহিনীয়েই ছবিখনত প্ৰতিফলিত কৰা হৈছে।
অসমীয়া চলচিত্ৰ জগতত “নাৰী” ক মূখ্য হিচাপে লোৱা চিনেমাৰ উদাহৰণ আৰু বহুত আছে।
Add comment