Rupaliparda.com
আকৌ এবাৰ আয়ূসমানৰ সৈতে ভূমি পেডনেকৰঃ 1

আকৌ এবাৰ আয়ূসমানৰ সৈতে ভূমি পেডনেকৰঃ

বলীউড অভিনেত্ৰী ভূমি পেডনেকৰক আকৌ এবাৰ আয়ূসমান খুৰানাৰ সৈতে ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব। আয়ূসমানৰ আগন্তুক ছবি “শুভ মংগল জ্যাদা সাৱধান” ছবিখনত প্ৰথম ভাগৰ লগতে দ্বিতীয় ভাগতো এক বিশেষ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। অভিনেত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বেও আয়ূসমান খুৰানাৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছে।

আকৌ এবাৰ আয়ূসমানৰ সৈতে ভূমি পেডনেকৰঃ 2
আকৌ এবাৰ আয়ূসমানৰ সৈতে ভূমি পেডনেকৰঃ 3


উক্ত ছবিখনত ভূমিৰ অভিনয়ৰ ক্ষেত্ৰত প্ৰযোজক আনন্দ এল.ৰায়ে কয় যে, “ভূমি পেডনেকৰ শুভ মংগল জ্যাদা সাৱধান” পৰিয়ালটোৰ এক অংশ। তেওঁক এৰি এই ছবিখন সম্পূৰ্ণ হোৱাৰ কথা আমি ভাবিবই নোৱাৰো।” ইয়াৰ লগতে প্ৰযোজক গৰাকীয়ে ছবিখনত ভূমিৰ যে এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব তাৰ কথাও স্পষ্ট কৰে। হিতেশ কেবল্যৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনে মুক্তি লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.