অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী ও বৰ্তমানৰ ৰাজনৈতিক নেত্ৰী হৈছে আঙুৰলতা ডেকা। বৰ্তমান সময়ৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অভিনেত্ৰী আঙুৰলতাক তেওঁৰ জন্মদিনৰত ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

নলবাৰীত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে ২০০৬ চনত “আমি অসমীয়া” ছবিখনৰ পৰা অসমীয়া চলচিত্ৰ জগতত খোজ পেলায়। উক্ত চিনেমাখনকে ধৰি প্ৰায় ৫ খন ছবি আৰু কেইবাখনো চুটি ছবিত অভিনীত আঙুৰলতাই ভ্ৰাম্যমাণৰ মঞ্চতো অভিনয় কৰিছিল।

তেওঁৰ অভিনয়ৰ সমান্তৰালকৈ এগৰাকী বিধায়িকা হিচাপে তেওঁ কৰা কামৰ অনুৰাগীও হৈছে যথেষ্ট জনসাধাৰণ।
Add comment