Rupaliparda.com
আকৌ এবাৰ জুবিনৰ কন্ঠত হিন্দী গীত "ৰাঞ্জনা"- 1

আকৌ এবাৰ জুবিনৰ কন্ঠত হিন্দী গীত “ৰাঞ্জনা”-

অসমীয়া সংগীত জগতত নিতৌ নতুন গানৰ সংযোজন ঘটে। কেতিয়াবা আধুনিক অথবা কেতিয়াৱা ৰোমান্টিক আৰু কেতিয়াবা বিহুসুৰীয়া। এনে মুক্তি পোৱা গীতৰ কন্ঠশিল্পী গৰাকী যদিহে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হয়; তেনেহ’লেটো মুক্তিপ্ৰাপ্ত গীতটোৰ ভিউৱাৰছ আৰু লাইকৰ সংখ্যা ক্ষন্তেকতে আকাশলংঘী হৈ পৰে।

আকৌ এবাৰ জুবিনৰ কন্ঠত হিন্দী গীত "ৰাঞ্জনা"- 2


“কাঞ্চনজংঘা” ৰ বহুল সফলতৰ পিছত এইবাৰ জুবিনৰ কন্ঠত মুক্তি পালে এটা হিন্দী গীত “ৰাঞ্জনা”। গীতটিত জুবিনৰ সৈতে কন্ঠদান কৰিছে এঞ্জেল ৰায়ে লগতে গীতটি লিখিছে ৰীতা ৰায়ে। সংগীত পৰিচালক অভিনৱ বৰাৰ এই গীতটিত ভিডিঅ’ পৰিচালক হিচাপে কাম কৰিছে ৰিন্টু চৌধুৰীয়ে।


মেঘালয় তথা গুৱাহাটী স্থিত জ্যোতি চিত্ৰৱনত দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ হোৱা উক্ত গীতটি ইউটিউবত ইতিমধ্যে লাভ কৰিছে ৭৮ হাজাৰকৈ অধিক ভিউৱাৰছ।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.