প্ৰেৰণা বৰবৰুৱাৰ দ্বাৰা পৰিচালিত আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগম (বিত্ত ও বিকাশ) ৰ দ্বাৰা প্ৰযোজিত ছবি “তুমি আহিবানে??”। ২০১৭ চনত মুক্তি লাভ কৰা ১১৩ মিনিটৰ এই ছবিখন প্ৰেৰণা ক্ৰিয়েচনচ নামে বেনাৰত নিৰ্মাণ কৰা হৈছিল।


“মিউজিকেল লভ ষ্টৰী” হিচাপে বিবেচিত এই চিনেমাখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়াই। চিনেমাখনত ৰবি শৰ্মাই সংগীত পৰিচালক এগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছে; যিয়ে পিছলৈ গাঁৱলৈ আহি তেওঁৰ বাল্যকালৰ বান্ধৱীৰ প্ৰেমত পৰে। ৰবি শৰ্মা, বৰষাৰাণীৰ লগতে ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন, নিপন গোস্বামী, অৰুণ নাথকে কেইবাগৰাকীয়ো ন-পুৰণি শিল্পীয়ে।

ছবিখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ আৰু গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা আৰু অখুয়ে।
Add comment