Rupaliparda.com
বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ফেশ্বন উইক" ৰ প্ৰস্তুতি আৰম্ভঃ 1

বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ-ইষ্ট ফেশ্বন উইক” ৰ প্ৰস্তুতি আৰম্ভঃ

আপুনিও ফেশ্বনৰ প্ৰতি আকৰ্ষিত নেকি?? আপুনিও বিচাৰিছে নেকি আপোনাৰ “ফেশ্বন টেলেন্টক” সকলো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ?? তেন্তে আৰু চিন্তাৰ কাৰণ নাই; অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” বৰ্তমান আপোনাৰ সমুখত।

বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ফেশ্বন উইক" ৰ প্ৰস্তুতি আৰম্ভঃ 2


“নৰ্থ ইষ্ট ফেশ্বন উইক ” চমুকৈ “NEIFW” ৰ ২০১৯-২০ বৰ্ষৰ পঞ্চমটো সংস্কৰণ অনুষ্ঠিত কৰা হ’ব চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত লিলি হোটেলত। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ লোৱা হ’ব অনুষ্ঠানটিৰ বাবে অডিশ্বন।

বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ফেশ্বন উইক" ৰ প্ৰস্তুতি আৰম্ভঃ 3


ল’ৰা-ছোৱালীকে ধৰি শিশু তথা বিবাহিত মহিলাও অংশগ্ৰহণ কৰিব পাৰিব উক্ত অডিশ্বনত। আদিতক্স ভেনছ্যুৰৰ (Aditaksh Venture) সৌজন্যত অনুষ্ঠিত উক্ত অ’ডিশ্বনটোত অংশগ্ৰহণৰ বাবে থাকিব নিৰ্দ্দিষ্ট ড্ৰেছকোড।

বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ফেশ্বন উইক" ৰ প্ৰস্তুতি আৰম্ভঃ 4


অংশগ্ৰহণৰ বাবে ছোৱালীয়ে পৰিধান কৰিব লাগিব বিঝ অথবা ব্লেক ষ্টিলেটোৰ আৰু ইয়াৰ সৈতে চৰ্টচ তথা শ্লিভলেচ টপ। লগতে, ল’ৰাই ব্লু জিনছৰ সৈতে হুৱাইট টি-চাৰ্ট আৰু লগত পৰিধান কৰিব লাগিব ফৰ্মেল শ্বু।

বৃহত্তম ফেশ্বন শ্ব' "নৰ্থ-ইষ্ট ফেশ্বন উইক" ৰ প্ৰস্তুতি আৰম্ভঃ 5


ইয়াৰ উপৰিও, যদিহে কোনোৱে ফেশ্বন ডিজাইন লগতে জুৱেলাৰী ডিজাইনাৰে “নৰ্থ-ইষ্ট ফেশ্বন উইক ২০১৯-২০” ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰিব খুজিছে তেনেহ’লে ৯৭০৬০০১২২০ ত ফোন অথবা ওৱাটচ আপত মেছেজ কৰি নিজৰ নাম ভৰ্তি কৰিব পাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform