Rupaliparda.com
এইবাৰ ধাৰাবাহিক "নমামি"- 1

এইবাৰ ধাৰাবাহিক “নমামি”-

কামৰূপা ক্ৰিয়েছনৰ প্ৰযোজনাত পুনৰ বাৰ আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন ধাৰাবাহিক “নমামি”। ধাৰাবাহিকখনৰ ক’ত অথবা কেতিয়াৰ পৰা সম্প্ৰচাৰিত হ’ব ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা বৰ্তমানেও কৰা হোৱা নাই। কামৰূপা ক্ৰিয়েছনৰ প্ৰযোজনাত নিৰ্মিত ৰং চেলেন যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “কাঞ্চন” আৰু “দামিনী” য়ে পূৰ্বতেই দৰ্শকৰ মন টানিবলৈ সক্ষম হৈ পৰিছিল।

এইবাৰ ধাৰাবাহিক "নমামি"- 2


পুনৰ বাৰ নানান পাচনিৰ নিৰ্দেশনাত তথা নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” যোগে দৰ্শকক মনোৰঞ্জন প্ৰদানৰ আশ্বাস কামৰূপা ক্ৰিয়েছনৰ। উক্ত ধাৰাবাহিকখনৰ বিভিন্ন চৰিত্ৰৰ বাবে ইতিমধ্যে অ’ডিশ্বন লোৱা সম্পূৰ্ণ হৈছে। অ’ডিশ্বনত প্ৰায় ৪০০ গৰাকী প্ৰতিযোগীয়ে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে।

Add comment

Leave a Reply

Most popular