৫০-৬০ দশকৰ এগৰাকী অসমীয়া চলচিত্ৰ পৰিচালক তথা নাট্যকাৰ ও অভিনেতা। নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত “ৰঙা পুলিচ” শীৰ্ষক ছবিখনত অভিনয়ৰ যোগেদি অসমীয়া চলচিত্ৰ জগতত খোজ পেলোৱা এই গৰাকী শিল্পীৰ নাম হৈছে আব্দুল মজিদ। প্ৰায়ে নিগেটিভ চৰিত্ৰত অভিনীত এই গৰাকী শিল্পীৰ দ্বাৰা পৰিচালিত “চামেলী মেমচাব” ছবিখন পুৰণা হ’লেও বৰ্তমানেও পাহৰিব পৰা নাই অসমীয়া দৰ্শকে। ইয়াৰ উপৰিও ছবিখনে লাভ কৰে শ্ৰেষ্ঠ আঞ্চলিক চলচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা।
অভিনেতা ও পৰিচালক গৰাকীয়ে “চোৰ” নামৰ নাটকৰ বাবে ১৯৬৬-৬৭ চনত লাভ কৰে অসম সাহিত্য সভাৰ বঁটা। লগতে, তেওঁ বিষ্ণু ৰাভা আৰু নটসূৰ্য্য বঁটাও লাভ কৰে।
আব্দুল মজিদৰ দ্বাৰা পৰিচালি ছবিকেইখন হ’ল ক্ৰমে,”মৰম-তৃষ্ণা”, “চামেলী মেমেচাব”, “বনহংস”, “বনজুই”, “পোনাকণ”, “উত্তৰকাল”, আৰু “সাত নম্বৰৰ সন্ধানত”।
ইয়াৰ লগতে, তেওঁ কিছু ধাৰাবাহিক আৰু তথ্যচিত্ৰও পৰিচালনা কৰে। সেইকেইখন হৈছে ক্ৰমে- “নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোন (২ টা খণ্ড)”, “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম ৰহিম” আৰু “ৰোমন্থন”।
পৰিচালনাৰ সমান্তৰালকৈ আব্দুল মজিদে পূজা,সুৰুয, সেন্দুৰ, উপপথ, এই দেশ মোৰ দেশ, বোৱাৰী, সংকল্প, মমতাজ, ভাই-ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন-সুমন আৰু অপেক্ষা(হিন্দী) আদি ছবিতো অভিনয় কৰে।
তেওঁৰ মৃত্যুত অসমীয়া চলচিত্ৰ জগতৰ সকলো তাৰকা-শিল্পী শোকস্তদ্ধ হৈ পৰা লগতে অসমীয়া জগতৰ নক্ষত্ৰ এটা হেৰাই যোৱা বুলিও মন্তব্য কৰে বহুতে।
Add comment