Rupaliparda.com
"বয়স বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখনৰ জনপ্ৰিয়তা"- মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 1

“বয়স বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখনৰ জনপ্ৰিয়তা”- মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

যোৱা ৩১ অক্টোবৰ তাৰিখৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ। শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ তথা জ্যোতি চিত্ৰৱনত অনুষ্ঠিত হোৱা এই মহোৎসৱ খনৰ উদ্ধোধন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

"বয়স বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখনৰ জনপ্ৰিয়তা"- মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 2


ভোৰ-তাল নৃত্যৰে শুভাৰম্ভ ঘটা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখনৰ উক্ত উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে পোলেণ্ডৰ জনপ্ৰিয় ছবি নিৰ্মাতা Krzysztof Zanussi। ইয়াৰ লগতে, উপস্থিত থাকে মন্ত্ৰী নৱ দলে, অসমৰ গৌৰৱ তথা অভিনেতা আদিল হুছেইন আৰু বলীউডৰ জনপ্ৰিয় পৰিচালক মধুৰ ভাণ্ডাৰকাৰকে ধৰি চিনেমাৰ সৈতে জড়িত বহুকেইজন বিশিষ্ট ব্যক্তি।

"বয়স বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখনৰ জনপ্ৰিয়তা"- মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 3


তৃতীয় সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত উপস্থিত থাকি মূখ্যমন্ত্ৰীয়ে অসমৰ চলচিত্ৰক এই মহোৎসৱখনে এক উদগনি জগাব বুলি কয় লগতে ই ন-প্ৰতিভা বিকাশত সহায়ক হ’ব বুলিও মন্তব্য প্ৰদান কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform