Rupaliparda.com
অস্তিত্বৰ যুঁজ দেখুৱাবলৈ সাজু "অস্তিত্ব"- 1

অস্তিত্বৰ যুঁজ দেখুৱাবলৈ সাজু “অস্তিত্ব”-

মিৰ্জা আৰিফ হাজৰিকাৰ কাহিনী,চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰ লগতে নাজিম আহমেদৰ প্ৰযোজনাৰে “অস্তিত্ব” আহি আছে আপোনালোকৰ মাজলৈ। অহা ৮ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখন হৈছে এখন সামাজিক ছবি।

অস্তিত্বৰ যুঁজ দেখুৱাবলৈ সাজু "অস্তিত্ব"- 2


বিভূতি ভূষণ হাজৰিকাই ছবিখনত মূখ্য চৰিত্ৰ “লাচিত হাজৰিকা” ৰ চৰিত্ৰ ৰূপায়ন কৰিছে। লগতে, দিনেশ দাসক পুনৰ বাৰ এগৰাকী “ভিলেইন” ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। এজন অসমীয়াৰ ভিতৰৰ আৰ্তনাদ, ভিতৰৰ যিখিনি কোলাহল অথবা ভিতৰৰ যিখিনি তেওঁৰ নিজৰ মাজতেই হৈ থকা দ্বন্দ; সেইখিনিয়ে হৈছে “অস্তিত্ব”।


উল্লেখ্য যে, “অস্তিত্ব” ত বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটাইছে পৰিচালকে। ব্ৰজেন বৰা, সিদ্ধাৰ্থ মূখাৰ্জী, লনিশ্ৰী দাস, দূৰ্গাশ্ৰী বৰা, মনোজ গগৈ, বিভাষ সিনহা, ৰুণুমী দেৱী, উদলক য়গী, ৰণিত চৌধুৰী, মহিবুৰ ৰহমান, কুলদীপ বৰা, জ্যোতি শংকৰ, ৰাজীৱ ক্ৰ’ লগতে স্মৃতি দাসে অভিনয় কৰিছে বোলছবিখনত। লগতে ইয়াত মাত্ৰ এটাই সংগীত আছে যাক কম্পোজ কৰিছে তৰালী শৰ্মাই।


“ৰিয়েল একচন” সদৃশ কিছু দৃশ্যৰো পৰিচালনা কৰা হৈছে বোলছবিখনত। বিভাষ আৰু স্পন্দনৰ দ্বাৰা পৰিচালিত এই “ষ্টান্ট” কিছুমানে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী পৰিচালক। বোলছবিখনত VFx দিয়া হৈছে প্ৰিয়ম চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত লগতে তেওঁ বোলছবিখনৰ পষ্টাৰো ডিজাইন কৰে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.