Rupaliparda.com
শুভ সমাপ্তি তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰঃ ৭ হাজাৰতকৈও অধিক দৰ্শকৰ সমাৱেশ- 1

শুভ সমাপ্তি তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰঃ ৭ হাজাৰতকৈও অধিক দৰ্শকৰ সমাৱেশ-

যোৱা ৩১ অক্টোবৰ তাৰিখৰ পৰা আয়োজিত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখন চলিত মাহৰ ৬ নৱেম্বৰ তাৰিখে সমাপ্তি ঘটে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্নজন অতিথিৰ লগতে এইবাৰৰ এই মহোৎসৱখনত প্ৰায় ৭০০০ তকৈও অধিক দৰ্শকে নিজৰ নাম পঞ্জীয়ন কৰে লগতে আনুষংগিক কাৰ্যক্ৰমতো বহু দৰ্শকৰ উপস্থিতি আছিল বুলি জানিবলৈ দিয়ে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই।

শুভ সমাপ্তি তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰঃ ৭ হাজাৰতকৈও অধিক দৰ্শকৰ সমাৱেশ- 2


৬৫ খন দেশৰ প্ৰায় ১০০ খনতকৈও অধিক চিনেমা প্ৰদৰ্শিত হোৱা এইবাৰৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখন পূৰ্বৰ তুলনাত অধিক সফল হোৱা বুলিও জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে।

শুভ সমাপ্তি তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰঃ ৭ হাজাৰতকৈও অধিক দৰ্শকৰ সমাৱেশ- 3


মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেৰ দ্বাৰা শুভাৰম্ভ ঘটা মহোৎসৱ খনৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকে ছবি জগতৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জনপ্ৰিয় ছবি অভিনেতা তথা থিয়েটাৰৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত শিল্পী ড° মোহন আগাছি এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত হৈ ছবি সন্দৰ্ভত তেওঁৰ মনোভাৱ ব্যক্ত কৰে।


ইয়াৰ লগতে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ছবি নিৰ্মাতা শান্তনা বৰদলৈ। তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত নিজৰ প্ৰতিভা দেখুওৱাবলৈ সক্ষম হোৱা কেইবাগৰাকীও ছবি নিৰ্মাতাক বঁটা প্ৰদান কৰা হয়। সেইকেইটা হৈছে ক্ৰমেঃ

১. জুৰি ৰ স্পেচিয়েল মেঞ্চনঃ

  • ডিচ ইজ লাইফ
  • চনপাপড়ি

বেষ্ট ফিল্ম-
আহাৰৰ দুপৰীয়া

প্ৰথম স্পেচিয়েল মেঞ্চনঃ
ফিলিপ চাংগা(অভিনেতা) “মা.আমা” ৰ বাবে

দ্বিতীয় স্পেচিয়েল মেঞ্চনঃ
” Jwlwi” ৰ বাবে ৰাজনী বসুমতাৰী

স্পেচিয়েল জুৰি এৱাৰ্ডঃ
-মাৰাঠী ছবি “Dithe” ৰ বাবে Sumitra Verbe
তেওঁ লাভ কৰে এটা ট্ৰফীৰ লগতে ব্ৰঞ্জ কেমেৰা আৰু নগদ এক লাখ টকা

-বেংগলী ছবি “অব্যক্ত” ৰ বাবে অৰ্জুন দত্ত
তেওঁ লাভ কৰে এটা ট্ৰফীৰ লগতে এটা ৰূপৰ কেমেৰা আৰু নগদ
ডেৰ লাখ টকা

বেষ্ট ইণ্ডিয়ান ফিছাৰ ফিল্ম-

মাৰাঠী ছবি “ডিয়াৰ মল্লি”
এওঁলোকে লাভ কৰে এটা ট্ৰফীৰ লগতে এটা সোণৰ কেমেৰা আৰু নগদ ২ লাখ টকা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform