“অপৰূপা” ধাৰাবাহিকখনৰ পৰা অসমীয়া অভিনয় জগতত খোজ পেলোৱা অভিনেতা অমিত কুমাৰ বৰা বৰ্তমান অসমৰ ৰাইজৰ বাবে এখন চিনাকী মুখ। কেইবাটাও মিউজিক ভিডিঅ’ ত অভিনীত এই অভিনেতা গৰাকীয়ে নিজৰ অভিনয় জীৱনক আৰু এক উচ্চতালৈ লৈ যোৱাত সহায় কৰিছিল “অৰ্ধাংগিনী” ধাৰাবাহিকখনে।

“অৰ্ধাংগিনী” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত অমিত কুমাৰ বৰাৰ অনুৰাগীও এতিয়া যথেষ্ট। তেওঁ প্ৰায় একটিভো হৈ থকা দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত।
নিজৰ অভিনয়ৰ সৈতে জড়িত ফটোৰ লগতেই তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডৰ সৈতেও কিছু ফটো আপলোড কৰে। আছলতে, কোনো অভিনেতা-অভিনেত্ৰীয়ে যেতিয়া নিজৰ গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডৰ লগত ফটো আপলোড কৰে তেতিয়া ই ভাইৰেল হৈ পৰাটো প্ৰায় নিশ্চিত।
অমিতে প্ৰায়ে এনে কিছু ফটো আপলোড কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰাৰ লগতে অনুৰাগী সকলক আকৰ্ষিত কৰি ৰাখে।
Add comment