মাজুলী, বৰপেটা, নলবাৰী আদিত ঠাইত এইটো সময়তে আৰম্ভ হোৱা এক জনপ্ৰিয় উৎসৱ হৈছে “ৰাস”। শ্ৰী কৃষ্ণ লীলা-খেলাৰ পৰা ধৰি তেওঁৰ জীৱনৰ বিভিন্ন অলৌকিক কাৰ্যক এই মহোৎসৱখনত প্ৰদৰ্শিত কৰা হয়। বহু ঠাইত বিশেষকৈ নামনি অসমত ৰাসক উদ্দশ্যি বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়।
এই অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰা দেখা গৈছে অসমীয়া চলচিত্ৰ জগতৰ বহু জনপ্ৰিয় অভিনেত্ৰীক। পৰিণীতা বৰঠাকুৰ, আইমী বৰুৱা, মুনমী কলিতা তথা অমৃতা গগৈয়ে দৈৱকী, যশোদা, ৰাধা অথবা মীৰাৰ চৰিত্ৰ ৰূপায়নেৰে ৰাসৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
অভিনেত্ৰী কেইগৰাকীয়ে নিজ ইনষ্টাগ্ৰাম যোগে তেওঁলোকে ৰূপায়ন কৰা চৰিত্ৰটোৰ ভেশত কেইবাখনো ফটো আপলোড কৰে। চাওঁক এই ফটোসমূহঃ
Add comment