Rupaliparda.com
অহা কাইলৈ মুক্তি লাভ কৰিব অসমীয়া ছবি "ইপাৰ-সিপাৰ"- 1

অহা কাইলৈ মুক্তি লাভ কৰিব অসমীয়া ছবি “ইপাৰ-সিপাৰ”-

চলিত মাহৰ ১৫ তাৰিখে মুক্তি লাভ কৰিব প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে অসমীয়া ছবি “ইপাৰ-সিপাৰ”-এ। অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ ছবিখনে ইতিমধ্যে নিজৰ প্ৰচাৰ শেষ কৰিছে।

অহা কাইলৈ মুক্তি লাভ কৰিব অসমীয়া ছবি "ইপাৰ-সিপাৰ"- 2


লতা বৰদলৈৰ প্ৰযোজনাৰে তথা অমৃতা গগৈ আৰু উদয়ৰ দুৱৰা অভিনীত এই ছবিখনৰ অহা কালি অৰ্থাৎ ১৫ নৱেম্বৰ তাৰিখে কোন কোন ছবিগৃহত কোনটো সময়ত মুক্তি লাভ কৰিব তাৰ এখন তালিকা ইতিমধ্যে উলিয়াই দিয়া হৈছে। তলত চাওঁক এই তালিকাঃ

অহা কাইলৈ মুক্তি লাভ কৰিব অসমীয়া ছবি "ইপাৰ-সিপাৰ"- 3


কমেডী-ট্ৰেজেডী আদিৰ সম্পূৰ্ণ সমাৱেশ ঘটা উক্ত ছবিখন এখন গাঁৱক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে। গাঁৱত অনুষ্ঠিত এখন ভাওঁনাত গাওঁবাসীৰ মাজত হোৱা ভুল বুজাবুজিক লৈয়ে ঘূৰিব “ইপাৰ-সিপাৰ” ৰ কাহিনীভাগ।

Add comment

Leave a Reply