Rupaliparda.com
হাৰ্টথ্ৰৱ জুবিনৰ জন্মদিনত বাবুৰ কন্ঠত "মাজুলীৰ গাভৰু" 1

হাৰ্টথ্ৰৱ জুবিনৰ জন্মদিনত বাবুৰ কন্ঠত “মাজুলীৰ গাভৰু”

কোনো বিতৰ্কই চুব নোৱাৰা এগৰাকী অসমীয়া গায়ক; ইটোৰ পিছত সিটো জনপ্ৰিয় গীতৰ উপহাৰ দি দৰ্শকৰ হৃদয়ত বাস কৰা কন্ঠশিল্পী বাবুৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট। তেওঁৰ গীতৰ জনপ্ৰিয়তা হয়টো নকলেও বুজিব পৰা যায়। “লাডেন আছিল পলাই” শীৰ্ষক গীতটিকে ধৰি “অ’ চেনীমাই” তথা জুবিনৰ সৈতে দ্বৈতভাৱে কন্ঠদান কৰা “বাৰিষাৰে বানত” লগতে “পেডেল মাৰি মাৰি” গীতৰ কলি অসমীয়া প্ৰত্যেকজন লোকৰেই যে মুখত আছে সেয়া নিশ্চিত।


কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকীয়ে “পেডেল মাৰি মাৰি” গীতটিৰ দ্বিতীয়টো সংস্কৰণ দৰ্শকৰ মাজত উলিয়াই দি বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল। এইবাৰ, বাবুৰ কন্ঠত আকৌ এটা নতুন গীত “মাজুলীৰ গাভৰু” মুক্তি পাব। উল্লেখ্য যে, কন্ঠশিল্পী বাবুয়ে গীতটিক মুক্তি দিব আগন্তুক জুবিন গাৰ্গৰ জন্মদিনৰ দিনা।

View this post on Instagram

মাজুলী গাভৰু… আহি আছে

A post shared by Babu Baruah (@babu_baruah_official) on


ইনষ্টাগ্ৰাম যোগে কন্ঠশিল্পী গৰাকীয়ে নিজেই এই কথা জনায় নিজৰ অনুৰাগী ও দৰ্শকক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.