Rupaliparda.com
সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 1

সাক্ষাৎকাৰ বিশেষঃ “তোল তোল ৰাতুল আহিছে; ফটো তোল”- ৰাতুল শৰ্মা-

প্ৰত্যেকখন ঘৰত টি.ভি ত কি চোৱা হ’ব তাক লৈ এবাৰ হ’লেও ৰিমোটৰ বাবে এখন কাজিয়া হয়েই। এনেস্থলত ধাৰাবাহিক সমূহৰ বাবে মা, আইতা, পেহী, মাহী সকলে সময়ৰ আগতেই আহি টি.ভি ৰ আগত বহি থকা কিছু ঘটনা দেখিবলৈ পোৱা যায়। ধাৰাবাহিকৰ কথা কওঁতে; এখন ধাৰাবাহিকৰ নাম উল্লেখ কৰিবই লাগিব। সেইখন হৈছে “তোমাৰ মৰমে মোক”; ধাৰাবাহিকখনৰ কাহিনী তথা শিল্পীৰ অভিনয়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ আজুৰিবলৈ সক্ষম হৈছে।

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 2


গতিকে, ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি লৈ আহিছো ধাৰাবাহিকখনৰ এটি মূল চৰিত্ৰ জয় ওৰফে ৰাতুল শৰ্মাৰ সৈতে হোৱা এটা টেলিফোনিক ইন্টাৰভিউ। সময়ৰ অভাৱৰ ফলত তেওঁ প্ৰশ্ন সমূহৰ চমু উত্তৰ দিছিল যদিও আমি আপোনাক ক’ম ৰাতুল শৰ্মাক কোনে জোকাইছিল কি??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 3


কটন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত ভাষাত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এই গৰাকী অভিনেতাই অভিনয়ৰ বাবে লোৱা নাছিল কোনো আনুষ্ঠানিক শিক্ষা। অভিনয়ৰ প্ৰতি ৰাপ থকা স্বত্বেও তেওঁ পোৱা নাছিল অভিনয়ৰ জখলাডাল; য’ত বগাই তেওঁ পালেহেঁতেন নিজৰ গন্তব্য স্থান। কিন্তু, কষ্ট কৰোতাই কোনো দিন হাৰি নাযায়; আৰু পিছত হ’লেও ৰাতুল শৰ্মাই লাভ কৰিলে অভিনয়ৰ সুযোগ।

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 4

……এতিয়া চাওঁ আহক ৰাতুল শৰ্মাৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ সাক্ষাৎকাৰঃ

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত হৈছিল??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 5

ৰাতুলঃ অভিনয়ৰ প্ৰতি ৰাপ সৰুৰ পৰাই আছিল; গাঁৱত হোৱা থিয়েটাৰ সমূহ চাবলৈ যাওঁতে অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলো। কিন্তু ঘৰতো তেনেকুৱা বৰ বিশেষ এটা পৰিৱেশ নাছিল গতিকে পিছপৰি ৰৈছিলো।
যেতিয়া কটনলৈ আহিলো গ্ৰেজুৱেচন আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে তেতিয়া তাত সকলোৱে মোক “অভিনয়” কিয় নকৰা বুলি প্ৰশ্ন কৰিছিল। তেনেকৈয়ে পিছলৈ মই এটা ফটোশ্বুট কৰিলো আৰু সুবিধা পালো এখন ধাৰাবাহিক “জোনাকৰ বৰষুণ” ত কাম কৰাৰ। এয়াই আছিল এজন অভিনেতা হিচাপে মোৰ প্ৰথম কাম।

প্ৰশ্নঃ “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনে নিশ্চয় আপোনাক এক নতুন চিনাকী দিবলৈ সক্ষম হৈছে; আপুনি কি ক’ব??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 6

ৰাতুলঃ বৰ্তমানলৈ যিমান কাম কৰিছো; যিমান অভিনয় কৰিছো। সেইসমূহৰ ভিতৰত “তোমাৰ মৰমে মোক” ধাৰাবাহিকখন মোৰ অভিনয় জীৱনৰ এটা ভাল অভিজ্ঞতা। এই ধাৰাবাহিকখনৰ পৰাই ৰাইজৰ মৰম বুটিবলৈ সক্ষম হৈছো।

প্ৰশ্নঃ স্কুল বা কলেজত কিবা জোকোৱা নাম আছিল নে??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 7

ৰাতুলঃ হা হা হা……… জোকোৱা কথাটোৰ পৰা এটা বিৰাট ভাল কথা মনলৈ আহিল। মোৰ জোকোৱা নাম এটাই আছিল আৰু সেইটো ক’লে ৰাইজে হাঁহিবহে। কি আছিল জানা?? “তোল তোল ৰাতুল আহিছে; ফটো তোল”। হা… হা…হা

প্ৰশ্নঃ বৰ্তমান ধাৰাবাহিক খনত দুগৰাকীকৈ যুৱতীয়ে আপোনাক নিজৰ কৰি ল’বলৈ চেষ্টা কৰি আছে। ৰিয়েল লাইফতো এনেকুৱাই নে??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 8

ৰাতুলঃ এয়াটো অভিনয়; এটা চৰিত্ৰ ৰূপায়ন কৰি আছো মাত্ৰ। ব্যক্তিগত জীৱনত ইমানখিনি এতিয়ালৈ হোৱাগৈ নাই আৰু!

প্ৰশ্নঃ আপোনাৰ আৰু কিবা প্ৰজেক্ট চলি আছে নেকি বা আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 9

ৰাতুলঃ উমম… ধাৰাবাহিকখনৰ বাদেও এখন চিনেমাৰ প্ৰজেক্ট কৰি আছো। চিনেমাখন হৈছে “চন্দ্ৰাৱলী”।

…ধন্যবাদ ছাৰ; আপুনি ইমান সময়ৰ অভাৱ হোৱা স্বত্বেও আমাক এইকণ সময় দিয়াৰ বাবে।

ৰাতুলঃ ধন্যবাদ ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform