“অনুৰাধা” ধাৰাবাহিকখনৰ পিছত আকৌ এক ব্যতিক্ৰমী চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী মুনমী ফুকনক। চচিয়েল মিডিয়াত একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীক কিছু দিনৰ বিৰতিৰ পিছত পুনৰ দেখিবলৈ পোৱা যাব টেলিভিছন পৰ্দাত।

এ.এম টেলিভিছনৰ নিবেদনত মনুজিৎ শৰ্মাৰ পৰিচালনাৰে তথা ৰিন্টু এম বৰাৰ চিত্ৰনাট্যৰে ৰেঙণি টিভিত প্ৰচাৰ হ’বলৈ সাজু হৈছে ধাৰাবাহিক “নয়না ওৱেডচ নিবিড়”। বৰ্তমানলৈ ধাৰাবাহিকখনৰ প্ৰচাৰৰ সময় দিয়া হোৱা নাই যদিও উক্ত ধাৰাবাহিকখনৰ ট্ৰেইলাৰটোৱে বাৰুকৈয়ে দৰ্শকক আকৰ্ষিত কৰিছে।

বিবাহৰ সাজত নদীৰ পাৰলৈ গৈ মদ্যপান কৰি অৱস্থাত দেখুওৱা হৈছে এগৰাকী নাৰীক। ইয়াৰ পৰাই ধাৰাবাহিকখন প্ৰেম-সংঘাতৰ মাজেৰে আগবাঢ়িব বুলি অনুমান কৰিব পৰা যায়।
Add comment